অসম

assam

ETV Bharat / bharat

মুম্বাইত ৩০ গৰাকীকৈ সংবাদকৰ্মীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি - মুম্বাইত ৩০ গৰাকীকৈ সংবাদকৰ্মীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি

মুম্বাইত মাৰাত্মক কৰ'ণা ভাইৰাছৰ কৱলত পৰিছে ৩০গৰাকীকৈ সংবাদকৰ্মী । সোমবাৰে এই কথা প্ৰকাশ কৰিছে এগৰাকী চৰকাৰী বিষয়াই ।

মুম্বাইত ৩০ গৰাকীকৈ সংবাদকৰ্মীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি
মুম্বাইত ৩০ গৰাকীকৈ সংবাদকৰ্মীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি

By

Published : Apr 20, 2020, 4:56 PM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃমুম্বাইত বিগত সপ্তাহত আয়োজন কৰা বিশেষ কেম্পত সম্পন্ন হোৱা পৰীক্ষাৰ পিচতেই মহাৰাষ্ট্ৰৰ ৩০গৰাকীকৈ সাংবাদিকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছে । সোমবাৰে এই কথা প্ৰকাশ কৰিছে এগৰাকী চৰকাৰী বিষয়াই । দেহত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ হোৱা আটাইকেইগৰাকী সাংবাদিকে ইলেকট্ৰনিক মাধ্যমৰ বুলি জানিব পৰা গৈছে ।

টিভি জাৰ্নেলিষ্ট এছচিয়েশ্যনৰ সভাপতি,বিনোদ জগদালে এই কথা নিশ্চিত কৰিছে । তেওঁ প্ৰকাশ কৰা অনুসৰি এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । মুম্বাই পৌৰসভাৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি,বহুতৰে দেহত এই লক্ষণ দেখা পোৱা গৈছে আৰু তেওঁলোকক নিজ নিজ গৃহত পৃথকে পৃথকে ৰখা হৈছে আৰু বহুতৰে ফলাফল আহিবলৈ এতিয়াও বাকী আছে ।

টিভি জাৰ্নেলিষ্ট এছচিয়েশ্যন আৰু মন্ত্ৰালয় এণ্ড লেজিচলেচাৰ ৰিপৰ্টাৰ এছটিয়েশ্যনৰ অনুৰোধত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে পৌৰসভাক সংবাদকৰ্মীসকলৰ বাবে এই বিশেষ স্কীনিং টেষ্ট পাতিবলৈ নিৰ্দেশ দিছিল । শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীৰ সহযোগত প্ৰায় ১৭১ সংবাদকৰ্মী মুম্বাই প্ৰেছ ক্লাৱৰ ওচৰত ১৬ আৰু ১৭ এপ্ৰিলৰ পৰীক্ষা কৰা হৈছিল ।

লগতে পঢ়কঃলক ডাউনৰ সকলো খবৰ,ক’ত কি ঘটিল ?

ABOUT THE AUTHOR

...view details