অসম

assam

ETV Bharat / bharat

দিল্লীৰ AIIMS ৰ ৩০ গৰাকী স্বাস্থ্য কৰ্মীক আছুতীয়াকৈ ৰখাৰ পৰামৰ্শ - 30 doctors, nurses in AIIMS Delhi advised quarantine

দিল্লীৰ AIIMS ৰ ৩০ গৰাকী স্বাস্থ্য কৰ্মীক আছুতীয়াকৈ ৰখাৰ পৰামৰ্শ স্বাস্থ্য বিভাগৰ । কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ অহাৰ বাবেই আছুতীয়াকৈ থাকিবলৈ পৰামৰ্শ আগবঢ়ায় স্বাস্থ্য কৰ্মীকেইজনক ।

AIIMS
দিল্লীৰ AIIMS ৰ ৩০ গৰাকী স্বাস্থ্য কৰ্মীক আছুতীয়াকৈ ৰখাৰ পৰামৰ্শ

By

Published : Apr 8, 2020, 10:28 PM IST

নিউজ ডেস্ক, ৮ এপ্ৰিলঃ দিল্লীস্থিত AIIMS ৰ ৩০ জন স্বাস্থ্য কৰ্মীক আছুতীয়াকৈ থকাৰ পৰামৰ্শ । AIIMS ৰ কাৰ্ডিও-নিউৰো বিভাগৰ ডাক্তৰ, নাৰ্চ, প্ৰযুক্তিৰ লগত জড়িত ৩০ জন স্বাস্থ্য কৰ্মীক আছুতীয়াকৈ থকাৰ পৰামৰ্শ আগবঢ়ায় স্বাস্থ্য বিভাগে । কৰ'ণা ভাইৰাছত আক্ৰান্ত ৭২ বছৰীয়া এজন ব্যক্তিৰ সংস্পৰ্শলৈ অহা বাবেই আছুতীয়াকৈ থকাৰ পৰামৰ্শ আগবঢ়ায় স্বাস্থ্য কৰ্মীকেইজনক ।

বিশেষ সূত্ৰৰ খবৰ অনুসৰি, ৰোগী গৰাকীৰ বিগত দুদিন পূৰ্বে ব্ৰেইনষ্টোকৰ লক্ষণে দেখা দিয়াত জৰুৰীকালীন অৱস্থাত নিউৰোল'জি ৱাৰ্ডৰ N-S5 ত ভৰ্তি কৰোৱা হয় । আৰু তাতেই CT আৰু MRI ৰ বাবে অহা আন কেইবাগৰাকীও ৰোগীৰ লগত একেলগে ৰখা হয় ৭২ বছৰীয়া ৰোগী গৰাকীক ।

ৰোগীজনৰ শ্বাস-প্ৰশ্বাস লোৱা অসুবিধাৰ সন্মুখীন হোৱা বাবেই COVID-19 ৰ পৰীক্ষা কৰিবলৈ নমুনা পঠিয়াই দিয়া হয় । আৰু ৰিপোৰ্টত ৰোগীজন COVID-19 ত আক্ৰান্ত বুলি সদৰী কৰে ।

তাৰ পাচতে ৰোগীজনক ততাতৈয়াকৈ AIIMS ৰ ট্ৰ'মা বিভাগলৈ পঠিয়াই দিয়া হয় আৰু নিউৰোল'জি ৱাৰ্ড চেনিটাইজ কৰাৰ লগতে ৰোগীজনৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলক চিনাক্ত কৰাৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে।

আনহাতে, ৭২ বছৰীয়া কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীজনক বৰ্তমান সংকটজনক অৱস্থাত ডাক্তৰৰ নিৰীক্ষণত ৰখা হৈছে ।

ABOUT THE AUTHOR

...view details