অসম

assam

ETV Bharat / bharat

ঔৰংগাবাদত উৎকট গৰম ! মৃত্যু 30 জনৰ

দেশৰ বিভিন্ন স্থানৰ লগতে বিহাৰত পাৰাস্তম্ভই লৈছে ভয়ানক ৰূপ ৷ অত্যাধিক তাপমাত্ৰাৰ ফলত ঔৰংগাবাদত প্ৰাণ গ’ল 30 জনকৈ লোকৰ ৷

ঔৰংগবাদত উৎকট গৰম ! মৃত্যু 30 জনৰ

By

Published : Jun 16, 2019, 2:48 AM IST

বিহাৰ, 16 জুনঃ প্ৰকৃতিৰ ৰুষ্ট ৰূপ ৷ গৰমে দহিছে এতিয়া জীৱকূলক৷ বিহাৰৰ ঔৰংগাবাদ অধ্যাতিক তাপমাত্ৰাই ল’লে 30 জনকৈ লোকৰ প্ৰাণ ৷ আনহাতে নাবাদাতো মৃত্যুমুখত পৰিল 6 জনকৈ লোক ৷চিকিৎসকৰ মতে এইয়া এক প্ৰাকৃতিক দুৰ্যোগ ৷ মৃত্যু হোৱা অধিকাংশ লোকৰে বয়স আছিল 40 বছৰৰ অধিক৷ ইয়াৰে দুই চাৰিজনৰ হে বয়স 20 ৰ পৰা 22 বছৰ হ’ব বুলি জানিবলৈ দিয়ে চিকিৎসকে ৷

ঔৰংগাবাদত উৎকট গৰম ! মৃত্যু 30 জনৰ

শনিবাৰে ৰাজ্যখনৰ ঔৰংগাবাদত পাৰাস্তম্ভ আছিল 45 ডিগ্ৰীৰ আশে পাশে ৷ বৰ্তমানো অব্যাহত আছে গৰমৰ ফলত চিকিৎসালয়ত ৰোগীক ভৰ্তি কৰোৱা ঘটনা ৷ চিকিৎসকৰ মতে অঞ্চলটোত অত্যাধিক হিট ষ্ট্ৰকৰ ঘটনা 3 বজাৰ পাচতেই সংঘটিত হৈছে ৷ ইপিনে মৃত্যু হোৱা প্ৰত্যেকজন লোকৰে 105 ডিগ্ৰীত কৈ অধিক জ্বৰ আছিল বুলি জানিবলৈ দিয়ে চিকিৎসকে ৷

অৱশ্যে জিলা চিকিৎসালয়খনত মাত্ৰ এজন চিকিৎসক থকাক লৈয়ো তীব্ৰ উত্তেজনাই বিৰাজ কৰিছিল চিকিৎসালয়খনত৷ কাৰণ এজন চিকিৎসক থকাৰ বাবেই বহু লোকৰ প্ৰাণ গ’ল বুলি অভিযোগ উত্থাপন কৰিছিল মৃতকৰ পৰিয়ালে ৷ ইয়াৰ পাচতেই চিকিৎসালয়খনত 5-6 গৰাকী চিকিৎসকৰ এটা দল আহি উপস্থিত হয় ৷

ABOUT THE AUTHOR

...view details