নিউজ ডেস্ক, 4 অক্টোবৰ : ভাৰতীয় স্থলসেনাৰ বহুকেইগৰাকী বিষয়া জোৱানে শনিবাৰে মধ্যপ্ৰদেশত দান কৰে প্লাজমা ৷ মধ্যপ্ৰদেশৰ ইন্দোৰস্থিত মহাউ সেনা চিকিৎসালয়ত প্ৰায় 30 গৰাকী বিষয়া-জোৱানে নিজৰ প্লাজমা দান কৰে ৷ জোৱানৰ পৰা আৰম্ভ কৰি ব্ৰীগেডিয়াৰলৈকে এইসকল স্থলসেনাৰ সৈনিকে নিজৰ নিজৰ প্লাজমা দান কৰে ৷ মহাৰাজা য়শবন্তৰাও হোলকাৰ চিকিৎসালয় আৰু এমজিএম চিকিৎসালয়ৰ সহযোগত আয়োজন কৰা এক শিৱিৰত নিজৰ প্লাজমা দান কৰে সৈনিকসকলে ৷
স্থলসেনাৰ 30 গৰাকীকৈ বিষয়া-জোৱানে দান কৰিলে প্লাজমা - প্লাজমা দান
মধ্যপ্ৰদেশৰ ইন্দোৰস্থিত মহাউ সেনা চিকিৎসালয়ত স্থলসেনাৰ 30 গৰাকীকৈ বিষয়া-জোৱানে শনিবাৰে প্লাজমা দান কৰে ৷
স্থলসেনাৰ 30 গৰাকী বিষয়া-জোৱানে দান কৰিলে প্লাজমা
ক’ভিড-19 মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা সেনাৰ বহু সংখ্যক বিষয়া-জোৱানে ইতিমধ্যেই নিজৰ নিজৰ প্লাজমা দান কৰিছে বুলি মহাউস্থিত স্থলসেনাৰ ইনফেন্ট্ৰি স্কুলৰ কামাণ্ডেন্ট লেফ. জেন. অনন্ত নাৰায়নে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷