নেশ্বনেল ডেক্স,28 মেঃ তেলেংগানাৰ মেদক জিলাত 120 ফুট দ-গাঁতত পৰি তিনিবছৰীয়া শিশুৰ মৃত্যু । বুধবাৰে জিলাখনৰ পন্নাপেট মণ্ডলৰ পোডিছাপল্লী গাঁৱৰ এখন খেতি পথাৰত ঢাকনি নথকা গাঁতটোত সোমাই পৰে সাই বৰ্ধন নামৰ শিশুটো ।
আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখে যদিও পৰৱৰ্তী সময়ত অক্সিজেনৰ অভাৱত মৃত্যুক সাৱতি লয় 3 বছৰীয়া শিশুটোৱে । আৰক্ষীয়ে জনোৱা অনুসৰি, খেতিয়ক গোৱৰ্ধনে নিজৰ খেতিপথাৰত গাঁতটো খান্দিছিল । কিন্তু ব্যৰ্থ হোৱাত তেখেতে তাক তেনেকৈয়ে এৰি দিয়ে আৰু অন্য কামত ব্যস্ত হৈ পৰে ।