নিউজ ডেস্ক,5জানুৱাৰীঃৰাজস্থানত পুনৰ পোহৰলৈ আহিছে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ ঘটনা ৷ জানিব পৰা মতে,যোৱা 18 ডিচেম্বৰত লণ্ডনৰ পৰা ৰাজস্থানৰ শ্ৰীগংগানগৰত আহি উপস্থিত হৈছিল 3জনকৈ লোক ৷ তিনিওজন লোকৰে নমুনা পৰীক্ষা কৰাৰ অন্তত আটাইকেইজনেৰে ক'ভিড ৰিজাল্ট প'জিটিভ আহে ৷
COVID19ত আক্ৰান্ত লণ্ডনৰ পৰা উভতি অহা ৰাজস্থানৰ 3জনকৈ লোক - কৰ'ণা ভাইৰাছ
দেশত কৰ'ণা ভাইৰাছৰ নতুন লক্ষণত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ শংকা ৷ ৰাজস্থানত লণ্ডনৰ পৰা উভতি অহা 3গৰাকীকৈ লোক আক্ৰান্ত কৰ'ণা ভাইৰাছত ৷
COVID19ত আক্ৰান্ত লণ্ডনৰ পৰা উভতি অহা ৰাজস্থানৰ 3জনকৈ লোক
এই সন্দৰ্ভত জিলাখনৰ শীৰ্ষ পৰ্যায়ৰ স্বাস্থ্য বিষয়া বালদেৱ সিং চৌহানে মন্তব্য কৰি কয় য়ে, তিনিওজন লোক কৰ'ণা ভাইৰাছৰ নতুন লক্ষণত আক্ৰান্ত হৈছে ৷ উল্লেখ্য যে, বৰ্তমান পৰ্যন্ত ৰাজ্যখনৰ 23গৰাকী লোক লণ্ডনৰ পৰা উভতি আহিছে ৷ ইয়াৰে 12গৰাকী লোকেই শ্ৰীগংগানগৰ জিলাৰ বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ৷
লগতে পঢ়কঃকাৰ্বি আংলঙত ৰাষ্ট্ৰীয় সংগীতক চূড়ান্ত অপমান বিজেপি নেতাৰ