অসম

assam

ETV Bharat / bharat

নৌশেৰাৰ নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশৰ চেষ্টা কৰা তিনি সন্ত্ৰাসবাদীক হত্যা - দুটা AK 47 ৰাইফল, 1 টা M16 A2 ৰাইফল, এটা পিষ্টল, এটা UBGL আৰু গ্ৰেনেড

চাৰিদিন ধৰি চলা এই অভিযানত বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয় ৷ ইয়াৰ ভিতৰত আছে দুটা AK 47 ৰাইফল, 1 টা M16 A2 ৰাইফল, এটা পিষ্টল, এটা UBGL আৰু গ্ৰেনেড ৷

নিয়ন্ত্ৰণ ৰেখা
নৌশেৰাৰ নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশৰ চেষ্টা কৰা তিনি সন্ত্ৰাসবাদীক হত্যা

By

Published : Jun 2, 2020, 12:27 PM IST

নেশ্যনেল ডেস্ক, 2 জুন : জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাইদি ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰা তিনি পাকিস্তানৰ সন্ত্ৰাসবাদীক ভাৰতীয় সেনাই হত্যা কৰে ৷ প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, "28 মে'ৰ পৰা আৰম্ভ হোৱা ভাৰতীয় সেনাৰ অভিযানত অনুপ্ৰৱেশৰ চেষ্টা কৰা তিনি সন্ত্ৰাসবাদীক নৌশেৰা ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত হত্যা কৰিছে ৷"

সন্ত্ৰাসবাদী কেইজনৰ হাতত বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰ থকাৰ লগতে পাকিস্তানত প্ৰশিক্ষণ প্ৰাপ্ত আছিল ৷ বৰ্তমানো প্ৰতিৰক্ষা বাহিনীয়ে অঞ্চলটোত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷

চাৰিদিন ধৰি চলা এই অভিযানত বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয় ৷ ইয়াৰ ভিতৰত আছে দুটা AK 47 ৰাইফল, 1 টা M16 A2 ৰাইফল, এটা পিষ্টল, এটা UBGL আৰু গ্ৰেনেড ৷

চোৰাংচোৱা সংস্থাৰ তথ্যৰ ভিত্তিত ভাৰতীয় সেনাই এই অভিযান চলায় ৷ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধিৰ বাবে সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল ৷

চোৰাংচোৱা সংস্থাই প্ৰদান কৰা তথ্য অনুসৰি, নিয়ন্ত্ৰণ ৰেখাৰ জৰিয়তে পাকিস্তানে ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰিছে ৷ অজ্ঞাত দুই সন্ত্ৰাসবাদী সংগঠনৰ সদস্যই গুৰেজ ছেক্টৰৰ বিপৰীতে থকা পাকিস্তানৰ পোষ্ট আৰু ছৰদাৰীৰ জৰিয়তে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল ৷

আনহাতে, জইছ-ই-মহম্মদৰ নেতৃত্বত অজ্ঞাত সন্ত্ৰাসবাদীয়ে মচ্চল ছেক্টৰৰ বিপৰীতে থকা কেল আৰু তেজিয়ানৰ জৰিয়তে ভাৰতত অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল ৷

ABOUT THE AUTHOR

...view details