অসম

assam

শ্ৰীলংকা বিস্ফোৰণ : বিস্ফোৰণত নিহত 3 আৰক্ষী বিষয়া

By

Published : Apr 21, 2019, 10:20 PM IST

বিস্ফোৰণৰ পাচত সন্দেহযুক্ত সন্ত্ৰাসবাদীক সোধ-পোছ কৰিবলৈ যাওঁতেই নিহত হয় আৰক্ষী বিষয়া তিনিজন ৷

শ্ৰীলংকা বিস্ফোৰণ : বিস্ফোৰণত নিহত 3 আৰক্ষী বিষয়া

নিউজ ডেস্ক, 21 এপ্ৰিল : শ্ৰীলংকাত কূটাঘাতকাৰীৰ হাতত নিহত তিনিজনকৈ আৰক্ষী ৷ দেওবাৰে ৰাজধানী চহৰ কলম্বোত সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণৰ পাচত সন্দেহযুক্ত সন্ত্ৰাসবাদীক সোধ-পোছ কৰিবলৈ যাওঁতেই নিহত হয় আৰক্ষী বিষয়া তিনিজন ৷

দেওবাৰে ইষ্টাৰ চানডেৰ প্ৰাৰ্থনাৰ সময়ত কলম্বোৰ তিনিটাকৈ গীৰ্জা তথা অভিজাত হোটেলত কূটাঘাতকাৰীয়ে সংঘটিত কৰে বোমা বিস্ফোৰণ ৷ এই বিস্ফোৰণৰ পাচতেই কূটাঘাতৰ লগত জড়িত সন্ত্ৰাসবাদী এটা ঘৰত আত্মগোপন কৰি থকা বুলি বিশেষ সূত্ৰযোগে তথ্য লাভ কৰিছিল বিশেষ আৰক্ষী বাহিনীয়ে ৷ সন্ত্ৰাসবাদীৰ ঘাটি উচ্ছেদ কৰিবলৈ ঘৰটোত আৰক্ষী বিষয়া কেইজন প্ৰৱেশ কৰাৰ পাচতেই দুটাকৈ বিস্ফোৰণ সংঘটিত কৰে সন্ত্ৰাসবাদীকেইজনে ৷ এই বিস্ফোৰণত থিতাতেই নিহত হয় বিশেষ আৰক্ষী কেইজন ৷

উল্লেখ্য যে, শ্ৰীলংকাৰ বিস্ফোৰণত নিহত হৈছে 207 জনকৈ লোক ৷ নিহত কেইজনৰ ভিতৰত আছে তিনিগৰাকীকৈ ভাৰতীয়ও ৷

ABOUT THE AUTHOR

...view details