অন্ধকাৰত ডুবিছে হিমা দাসৰ জন্মগাঁও
হিমাৰ গাঁৱখনৰ উন্নয়ন সাধনৰ উদ্দেশ্যে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছিল অসম চৰকাৰে ৷ ইয়াৰে অন্যতম আছিল সৌৰশক্তি চালিত ষ্ট্ৰীট লাইট স্থাপন ৷ কিন্তু এই আঁচনি কাৰ্যকৰী কৰাৰ পিছৰে পৰা বিকল হৈ পৰে ষ্ট্ৰীট লাইটসমূহ ৷
ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ প’ষ্টাৰ ফালিলে দুৰ্বৃত্তই
ৰঙিয়াত বিজেপিৰ ৰাজ্যিক কাৰ্য নিৰ্বাহক সদস্য ডাঃ প্ৰাঞ্জল ভৰালীৰ ফটো সম্বলিত প’ষ্টাৰ আৰু হৰ্ডিং ফালি পেলাইছে অচিনাক্ত দুৰ্বৃত্তই ৷ এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
অখিল গগৈৰ কাৰামুক্তিৰ কামনাৰে বন্তি জ্বলালে মাতৃ প্ৰিয়দা গগৈয়ে
সোমবাৰে পুত্ৰ তথা কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে পুত্ৰৰ কাৰামুক্তিৰ কামনাৰে ভগৱানৰ ওচৰত এগছি বন্তি জ্বলায় ৷ মোৰ অখিলে একো দোষ কৰা নাই, বিনা দোষত অখিলক ইমান কষ্ট দিছে বুলি সাংবাদিকৰ আগত চকুপানী টুকি থুকাথুকি মাতেৰে ক'লে মাতৃ প্ৰিয়দা গগৈয়ে ৷
নাওবৈচাত বন্ধ গ্ৰাম্য চিকিৎসালয়ঃ কাণসাৰ নাই স্বাস্থ্য বিভাগৰ
ফুটুকাৰ ফেনত পৰিণত স্বাস্থ্য বিভাগৰ আমূল পৰিৱৰ্তনৰ লক্ষ্য ৷ বিয়াগোম স্বাস্থ্য বিভাগৰ দ্বায়িত্বহীনতা আৰু অমনোযোগিতাৰ বাবে প্ৰায় 10বছৰ পূৰ্বে সম্পূৰ্ণ হোৱা ফুলবাৰী দহখন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন বৰ্তমান চিকিৎসক,নাৰ্চ আৰু স্বাস্থ্য কৰ্মীৰ অভাৱত যোৱা এটা বছৰে বন্ধ হৈ আছে ৷
গুৱাহাটীৰ বিখ্যাত গগৈ পৰ্ক আৰু ইয়াৰ আঁৰৰ ব্যক্তিজন
60 হাজাৰ টকীয়া চাকৰি এৰি দেশে-বিদেশে গাহৰি মাংস বিক্ৰী কৰি আহিছে ভাস্কৰ গগৈ নামৰ এগৰাকী উদ্যমী যুৱকে ৷ পত্নীৰ সাহস আৰু 10হাজাৰ টকাৰে ২০১০ চনত ভাস্কৰ গগৈয়ে আৰম্ভ কৰিছিল গগৈ পৰ্ক নামেৰে গাহৰি মাংসৰ ব্যৱসায় ৷ কেৱল জুইত পোৰা গাহৰি মাংসৰ বাবেই গগৈ পৰ্ক এতিয়া সৰ্বজনবিদিত ৷