অসম

assam

ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

3 PM TOP TEN NEWS
3 PM TOP TEN NEWS

By

Published : Dec 18, 2020, 3:41 PM IST

Updated : Dec 18, 2020, 3:52 PM IST

কেন্দ্ৰ বনাম পশ্চিমবংগ চৰকাৰ: পুনৰ চমন জাৰী তিনিগৰাকী আইপিএছ বিষয়ালৈ

পুনৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পশ্চিম বংগৰ প্ৰশাসনক এক আলোচনাত মিলিত হ'বলৈ নিৰ্দেশ দিছে ৷ নিৰ্দেশনা অনুসৰি তিনি আইপিএছ বিষয়াক গৃহমন্ত্ৰালয়ত উপস্থিত হ'বলৈ জাৰী কৰা চমন সন্দৰ্ভত শুকুবাৰে 5.30 বজাত দিল্লীত এখন আলোচনাৰ আয়োজন কৰিছে গৃহ মন্ত্ৰণালয়ে ৷

মৃত্যুৰ সিপাৰৰ পৃথিৱীলৈ গুচি যোৱাৰ পাছতো জীয়াই আছে আঢ়ৈবছৰীয়া জশ

আঢ়ৈবছৰীয়া এটি কণমানিৰ অংগদানেৰে ভিন্ন ঠাইৰ পাঁচ গৰাকী লোকে লাভ কৰিলে এক নতুন জীৱন ৷ পাঁচ গৰাকী লোকৰ মাজত পৃথকে জীয়াই থাকিব শিশুটিৰ হৃদপিণ্ড, হাঁওফাঁও, বৃক্ক ,যকৃত আৰু চকু ৷ খেলি থাকোতে ঘৰৰ দ্বিতীয় মহলাৰ পৰা পৰি ব্ৰেইন ডেড হৈছিল জশ নামৰ আঢ়ৈ বছৰীয়া শিশুটিৰ ৷

ডিটেনচন কেম্পত বন্দী হৈ থকা অমলা দাসৰ মুক্তিৰ দাবীত প্ৰতিবাদ

১ বছৰ ৯ মাহ ধৰি ডিটেনচন কেম্পত আৱদ্ধ হৈ আছে অমলা দাস ৷ অমলা দাসৰ মক্তিৰ শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে ৷

কৃষি আইন সাময়িকভাৱে স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ

কৃষি আইন সাময়িকভাৱে স্থগিত ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ ৷ এছ এ ববডেৰ নেতৃত্ব গঠিত এক বিচাৰক মণ্ডলীয়ে কৃষি আইন সম্পৰ্কত বহুকেইটা পৰামৰ্শ আগবঢ়াই কেন্দ্ৰীয় চৰকাৰক ৷

৩০০ উদ্যোগীক ৪৫,০০০ টকা মূল্যৰ সঁজুলি বিতৰণ

ৰেইক কমিউনিটি হলত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰীজনে কৃষক,দৰ্জী আৰু উদ্যোগপতিসকলক সমৰ্থন কৰাৰ বাবে, বিশেষকৈ কোভিড ১৯ ৰ সময়ত উদ্যোগটোৱে লোৱা পদক্ষেপক প্ৰশংসা কৰে ।

অৰুণাচল প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত

সমাগত অৰুণাচল প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচন ৷ 22 ডিচেম্বৰত অনুষ্ঠিত হ'ব অৰুণাচল প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচন ৷ আজিৰ তাৰিখতো আদিম মানুহৰ দৰে বসবাস কৰিব লগা পৰিস্থিতিৰ প্ৰতিবাদ জনাই নিৰ্বাচনত ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত ৷ পথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে 7000 ভোটাৰে সাব্যস্ত নকৰে তেওঁলোকৰ ভোটাধিকাৰ ৷ No Road No Vote শ্ল'গানেৰে ভোট বৰ্জনৰ সিদ্ধান্ত ৷

পশ্চিম বংগৰ IPS বিষয়াক বদলিৰ কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰোধিতা কেজৰিৱালৰ

জে পি নাড্ডাৰ শেহতীয়া পশ্চিম বংগ ভ্ৰমণৰ সময়ছোৱাত তেখেতৰ সুৰক্ষাৰ দায়িত্বত থকা তিনিগৰাকীকৈ আই পি এছ বিষয়াক কেন্দ্ৰীয় চৰকাৰৰ অধীনলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷

দলং নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ দাৱনদিয়াত

কলগাছিয়াৰ দাৱনদিয়াত তীব্ৰ প্ৰতিবাদ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজৰ ৷ দলং নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ বিৰুদ্ধে সৰৱ দল-সংগঠন ৷ মৰা মানাহ নদীৰ ওপৰত ফুট ব্ৰিজ নিৰ্মানৰ বাবে ২০১৮-১৯ বৰ্ষত MP LAD পুঁজিৰ আৱন্টিত ১৭ লাখ টকা চক্ৰ বিষয়া অজিত কলিতাই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

মুম্বাই আৰক্ষীৰ ‘ঔপনিৱেশিক আইন’ক প্ৰত্যাহ্বান ৰিপাব্লিক টিভিৰ স্বত্বাধিকাৰীৰ

বাক্ স্বাধীনতা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে ব্যৱহাৰ কৰা ঔপনিৱেশিক আইনক ৰিপাব্লিক টিভিৰ স্বত্বাধিকাৰী ARG Outlier Media Private Ltdৰ প্ৰত্যাহ্বান ৷ এই সন্দৰ্ভত বোম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ৷ বাক্ স্বাধীনতা খৰ্ব কৰাৰ বাবে আৰক্ষীয়ে ঔপনিৱেশিক আইন প্ৰয়োগ কৰা বুলি মন্তব্য কৰে মিডিয়া কোম্পানীটোক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ ভাটনাগৰে ৷

ধেমাজি-লখিমপুৰত বাঢ়িছে এইচআইভি আক্ৰান্তৰ সংখ্যা

তিনি বছৰত লক্ষীমপুৰ আৰু ধেমাজি জিলাত এইচআইভিত আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ট বাঢ়িছে ৷ এই ভয়ংকৰ তথ্য সদৰি কৰিছে অসম এইডছ নিয়ন্ত্ৰণ সমিতিৰ অধীনৰ দুটা এনজিঅ’য়ে ৷

Last Updated : Dec 18, 2020, 3:52 PM IST

ABOUT THE AUTHOR

...view details