অসম

assam

ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

By

Published : Oct 9, 2020, 3:00 PM IST

গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে কঠোৰ ধুবুৰী আৰক্ষী

উল্লেখ্য বিগত দিনকেইটাত গো-মাফিয়া চক্ৰৰ সৈতে জড়িত বহুকেইজন ব্যক্তি আটক হোৱাৰ পাছতে অভিযান অধিক তীব্ৰতৰ কৰিছে ধুবুৰী আৰক্ষীয়ে ৷ আটকাধীন কেইজনৰ পৰা অধিক তথ্য উদঘাটনৰ বাবে বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ৰঙিয়াত প্ৰশাসনৰ উদ‍্যোগত মাস্ক বিতৰণ আৰু সজাগতাৰ বিশেষ পদক্ষেপ

প্ৰভাতী কিৰণ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰঙিয়াৰ বজাৰ সমূহত মাস্ক বিতৰণ আৰু সজাগতা সৃষ্টিৰ বিশেষ পদক্ষেপ ৷

বদৰুদ্দিন আজমলক তুলাধুনা মন্ত্ৰী ভৱেশ কলিতাৰ

আজমল জৰাফুকাৰ ৰজা আৰু হিমন্ত বিশ্ব শৰ্মা উন্নয়নৰ ৰজা এই দৰে মন্তব্য কৰে বৃহস্পতিবাৰে ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই ।

টিংখঙত অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি

টিংখঙত অৰুণোদয় আঁচনিৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ একাংশ বিজেপি নেতাই নিজৰ অঙহী বঙহীৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ ফলত প্ৰকৃত হিতাধিকাৰীৰ নাম বাদ পৰাৰ অভিযোগ ৷ প্ৰকৃত দুখীয়া হিতাধিকাৰীৰ পৰিৱৰ্তে ধনৱান লোকৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ ৷

চি চি টিভি ফুটেজেই কাল হ'ল চাইকেল চোৰৰ বাবে

বেংকৰ চি চি টিভি ফুটেজ কাল হৈ ধৰা দিলে চোৰৰ বাবে ৷ চাইকেল চুৰি কৰি টীয়ক আৰক্ষীৰ হাতত আটক চোৰ ৷ ভিৰৰ সুযোগ লৈ চোৰে চলাই আহিছিল দুস্কাৰ্য ৷ ধৃত চোৰটোৰ নাম ৰাম মাদ্গি ৷

বিদ্যালয়ৰ নামত অহা কুঁৱা স্থাপনক লৈ কৰিমগঞ্জত উত্তপ্ত পৰিস্থিতি

এটা কুঁৱা স্থাপনক কেন্দ্ৰ কৰি কৰিমগঞ্জত উত্তপ্ত পৰিস্থিতি ৷ কৰিমগঞ্জৰ এখন বিদ্যালয়ৰ নামত চৰকাৰৰ ফালৰ পৰা অহা এটা কুঁৱা স্থাপন কৰাক লৈ বিদ্যালয়খনৰ চৌহদত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ ৷

SI কেলেংকাৰীৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ বৰঝাৰ বিমানবন্দৰত

অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰত শাখাই এক বিশেষ সুত্ৰৰ পম খেদি বৰঝাৰ বিমানবন্দৰৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পিকে দত্তৰ ঘনিষ্ঠ সুৰজ শৰ্মাক ।

বিটিএডিত নিৰ্বাচনৰ দাবীৰে অবড়ো লোকৰ বাইক ৰেলী

বিটিএডিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে বাক্সাত বিশাল বাইক ৰেলী ৷ শুকুৰবাৰে বাক্সাৰ আনন্দ বজাৰত অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীৰ উদ্যোগত এই বিশাল বাইক ৰেলী বাহিৰ হয় ৷

আমিনগাঁৱত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক

বৈঠকত উপস্থিত থাকে মন্ত্ৰী ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, বিধায়ক সত্যব্ৰত কলিতা, বিধায়ক প্ৰনৱ কলিতাকে প্ৰমুখ্যে জিলা পৰ্য্যায়ৰ বহু বিষয়া ৷ বৈঠকত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা অনুমোদন সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ব্ৰাহ্মণ সমাজৰ

বিধায়ক গৰাকীয়ে বৃহস্পতিবাৰে নিশা ব্ৰাহ্মণ সমাজক পুনৰ অপমান কৰাৰ পিচতে জাঙুৰ খাই উঠিছে ব্ৰাহ্মণ সমাজ ৷ বিধায়কৰ পদ পৰা ৰমাকান্ত দেউৰীক খাৰিজ কৰাৰ আহ্বান জনাইছে ব্ৰাহ্মণ সমাজৰ প্ৰতিনিধিসকলে ৷

ABOUT THE AUTHOR

...view details