আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষৰ পদ এৰিলে প্ৰদীপ কুমাৰে
অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া প্ৰদীপ কুমাৰে ৷ দেওবাৰে দুপৰীয়া এক বিবৃতি যোগে তেওঁ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে বিষয়াগৰাকীয়ে ৷
গোলাঘাটৰ ভিন্ন অঞ্চলত চেনিটাইজেচন
গোলাঘাটত দেওবাৰে বিভিন্ন ৰাজহুৱা স্থানত চেনিটাইজেচন কৰা হৈছে ৷ জিলাখনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্যালয়, নামঘৰ, সাংবাদিক সংস্থা, প্ৰেছ ক্লাব, স্বাস্থ্য যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত চেনিটাইজেচন কৰে প্ৰধানমন্ত্ৰীৰ জন কল্যাণকাৰী যোজনাৰ দায়িত্ববাহী এটা দলে ৷
জোনাইত ঘৰুৱা সামগ্ৰীৰে যুৱকে নিৰ্মাণ কৰি উলিয়ালে দমকল
ধেমাজিৰ যুৱকে ব্যতিক্ৰমীৰূপে নিৰ্মাণ কৰি উলিয়াইছে দমকল ৷ বাঁহ,কাঠ আৰু প্লাষ্টিকৰ সহায়ত নিৰ্মাণ কৰি উলিয়াইছে দমকলটো ৷
ইটিভি এক্সক্লুচিভ : এইবাৰ কৃষি বিভাগৰ পৰীক্ষা পতাৰ দায়িত্ব বহিৰাগত প্ৰতিষ্ঠানক
এইবাৰ অসম আৰক্ষীৰ পিছত কৃষি বিভাগে পূৰণ কৰিবলৈ ওলাইছে প্ৰায় দুহেজাৰটা পদ । এই পদসমূহৰ বাবে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা পাতিবলৈ ৰাজ্যৰ বাহিৰৰ তিনিটাকৈ ব্যক্তিগত প্ৰতিষ্ঠানক ইতিমধ্যে বাচনি কৰা হৈছে ।
কৃষকে আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিশেষ অৰিহণা যোগাইছে : প্ৰধানমন্ত্ৰী
চলিত মন কি বাতত দেশৰ কৃষকক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ কৃষি বিধেয়ক 2020ৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদৰ জোৱাৰ চলি থকাৰ সময়তে দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ কৃষকসকলে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাত উল্লেখনীয় অৱদান আগবঢ়াইছে বুলি প্ৰকাশ কৰে ৷