অসম

assam

By

Published : Sep 13, 2020, 3:03 PM IST

ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি

COVID-19: সংসদৰ বৰ্ষাকালিন অধিৱেশনৰ পূৰ্বে অনুষ্ঠিত নহয় সৰ্বদলীয় বৈঠক

14 ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালিন অধিৱেশন ৷ অধিৱেশনৰ পূৰ্বে COVID-19 মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে গ্ৰহণ কৰা কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৷

ৰাজ্যত লাভ জেহাদৰ আন এক ঘটনা

লখিমপুৰৰ ফুলবাৰীত এক ভয়ংকৰ ঘটনা । লাভ জেহাদৰ বলি এগৰাকী যুৱতী । ৰাহুল বৰা নামেৰে পৰিচয় দি যুৱতী গৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলা নাজিবুৰ ৰহমান নামৰ এগৰাকী বিবাহিত যুৱকক কৰায়ত্ত কৰিলে স্থানীয় ৰাইজে ।

মৃতদেহ সৎকাৰত অংশগ্ৰহণ ইছলামধৰ্মী লোকৰ

জনকল্যাণ গাঁও পঞ্চায়তৰ অধীনৰ 10 নং ৱাৰ্ডৰ শ্যামল মালাকাৰ নামৰ এগৰাকী ব্যক্তিৰ মৃত্যু ঘটাত সৎকাৰৰ বাবে আগবাঢ়ি আহে গাঁও দুখনৰ ইছলামধৰ্মী লোকসকল ৷ গাঁওবাসীৰ এনে প্ৰচেষ্টাই বিশেষ চৰ্চা লাভ কৰাৰ উপৰিও সমাদৰো লাভ কৰিছে ৷

দুৰ্ঘটনাত পতিত মেঘালয়ৰ শক্তিমন্ত্ৰীৰ কনভয়ৰ বাহন

মেঘালয়ৰ শক্তিমন্ত্ৰী জেমছ চাংমাৰ কনভয়ৰ বাহন দুৰ্ঘটনাত পতিত ৷ নগাঁৱৰ ননৈত সংঘটিত হোৱা দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা শক্তিমন্ত্ৰী জেমছ চাংমাৰ ৷ উল্লেখ্য যে এই দুৰ্ঘটনাত আহত হয় 4 গৰাকীকৈ লোক ৷

চাঞ্চল্যকৰ অপহৰণ কাণ্ড: পাহাৰৰ পৰা উদ্ধাৰ অপহৃত

বঙাইগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা । জিলাখনৰ খগৰপুৰ পাহাৰৰ জংঘলৰ পৰা বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হৈছে দুই অপহৃত ৷

COVID 19: বিশ্বৰ সামগ্ৰিক তথ্য

ভাৰততো 4,754,356 গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ দেশখনত মৃতকৰ সংখ্যা 78,586 গৰাকীলৈ বৃদ্ধি পাইছে ৷

চাপৰত ৰঞ্জিৎ দাসৰ পুত্তলিকা দাহ কৰি আটছাৰ প্ৰতিবাদ

পূব বিলাসীপাৰাৰ চাপৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ আদিবাসী লোক সকলক জনজাতিকৰণৰ পৰি বঞ্চিত কৰি ৰখাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

একাঁঠু বোকা-পানীৰে পৰিপূৰ্ণ টিংখাঙৰ এটা পথ

টিংখাঙৰ পুৰণি শ’লগুৰিৰ এটা জৰাজীৰ্ণ পথ ৷ শ’লগুৰি হাটীআলিৰ এই পথটোত বিগত 60টা বছৰে নপৰিল এটাও শিলগুটি । একাঁঠু পৰ্যন্ত বোকা-পানীৰে ভৰি থকা এই পথেৰেই অঞ্চলবাসীয়ে কৰিবলগীয়া হয় দৈনিক অহা-যোৱা ৷

কৰিমগঞ্জত পথ নিৰ্মাণত গাফিলতিৰ অভিযোগ

প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত কৰিমগঞ্জ জিলাৰ আনিপুৰৰ পৰা ঘিলাইটিক সংযোগী নিৰ্মীয়মাণ পথত অনিয়মৰ অভিযোগ ৷ ঠিকাদাৰ আব্দুল বাছিতৰ বিৰুদ্ধে উত্থাপন হৈছে অনিয়মৰ অভিযোগ ৷

ৰাজ্যৰ পৃথক স্থানত চোৰৰ চাফাই অভিযান

শনিবাৰে নিশা ৰাজ্যৰ দুই পৃথক স্থানত চোৰে চলালে চাফাই অভিযান ৷ হাইলাকান্দিৰ নৃপেন্দ্ৰ নাথ নামৰ এগৰাকী ব্যক্তিৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি লৈ যায় বহু মূল্যৱান সা-সামগ্ৰী ৷ ইফালে নলবাৰীৰো এটা ব্যক্তিগত টেলিভিছন চেনেলত কৰ্মৰত এগৰাকী সাংবাদিকৰ ঘৰত চোৰে নিশা অভিযান চলাই লৈ যায় সোণৰ গহণাকে ধৰি অন্যান্য সা-সামগ্ৰী ৷

ABOUT THE AUTHOR

...view details