অসম

assam

ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি - 3 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

3 বজাৰ দহটা শীৰ্ষ বাতৰি
3 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Aug 22, 2020, 3:02 PM IST

KMSS ৰ নতুন ৰাজনৈতিক দলঃ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব অখিল গগৈ

২০২১ ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰিব KMSS এ ৷ KMSS ৰ নতুন দলটোৰ নাম অখিল গগৈ জেলৰ পৰা ওলাই অহাৰ পাছত ঘোষণা কৰিব ৷

নিৰ্বাচন মানে কি নজনা এখন গাঁও !

একবিংশ শতিকাৰ এখন আদিবাসী গাঁও ৷ খৰি বিক্ৰী কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে গাঁৱখনৰ বাসিন্দাই ৷ এতিয়াও বিদ্যুতৰ যোগানৰ পৰা বিৰত তেওঁলোক ৷ ক'ত আছে সেই গাঁও ?

দিল্লী এনকাউন্টাৰত গ্ৰেপ্তাৰ অস্ত্ৰধাৰী ISIS সন্ত্ৰাসবাদী

শনিবাৰে দিল্লী আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া অনুসৰি,দিল্লীত এক এনকাউন্টাৰৰ পাচতে আৰক্ষীয়ে কৰায়ত্ত কৰিছে এক ISIS সদস্যক ৷ সন্ত্ৰাসবাদীটোৰ পৰা উদ্ধাৰ কৰা হৈছে বিস্ফোৰক আইইডি ৷

মহামাৰীৰ মাজতো অনুষ্ঠিত হ'ব নিৰ্বাচন, কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ নতুন নিৰ্দেশাৱলী জাৰী

মহামাৰীৰ সময়ত আগন্তুক সময়ত দেশত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন নিৰ্বাচনৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্দেশাৱলী জাৰী কৰিছে ৷ ইভিএমত ভোট দিয়াৰ বাবে ভোটাৰক প্ৰদান কৰা হ'ব এবাৰ ব্যৱহৃত হাতমোজা ৷

প্ৰাক্তন আইএএছ ৰাজীৱ কুমাৰ দেশৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত নিযুক্ত

দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে সৰ্বভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰাজীৱ কুমাৰক ৷ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত অশোক লাভাছাই পদত্যাগ কৰাৰ পিচতেই কুমাৰক তেওঁৰ স্থানত স্থলাভিষিক্ত কৰা হয় ৷

য়াকৰ সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধি অৰুণাচলৰ পশু পালন বিভাগৰ

"য়াক" ৰ গাখীৰ উৎপাদন কৰি ডিৰাঙত বহুতো শিক্ষিত যুৱকে উপাৰ্জনৰ পথ সুগম কৰি তুলিছে । আনহাতে পশ্চিম অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং আৰু টাৱাঙত এইবিধ জন্তু দেখিবলৈ পোৱা যায় । মনপা লোকসকলে ইয়াৰ শিং বিভিন্ন ধৰণৰ পূজাত ব্যৱহাৰ কৰে । য়াকৰ নোমৰ পৰা ঊণ তৈয়াৰ কৰা হয় ৷ লগতে পাহাৰীয়া বৰফ অঞ্চলত য়াকৰ পিঠিত বোজা কঢ়িয়াই সামগ্ৰী কঢ়িওৱা হয় ।

যোৰহাটত অনুষ্টুপীয়াকৈ গনেশ চতুৰ্থী পালন

কৰ’ণা মহামাৰীৰ বাবে গনেশ পুজাৰো উৎসাহ উদ্দীপনা যথেষ্ট পৰিমাণে ম্লান দেখা পোৱা গৈছে । গনেশ চতুৰ্থী উপলক্ষে বিগত ২০ টা বছৰত দেখা পোৱা পৰিৱেশৰ তুলনাত এইবাৰ যোৰহাটত নিস্তব্ধতা দেখা যায় ।

কামপুৰত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাত ব্যাপক দুৰ্নীতিৰ অভিযোগ

গ্ৰামাঞ্চলৰ বাটপথ পকীকৰণ কৰাৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা অধীনত আঁচনি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ কিন্তু এই আঁচনিৰ জড়িয়তে কিমান উন্নয়ন হৈছে গ্ৰামাঞ্চলৰ বাটপথ, কি কৰিছে ঠিকাদাৰ আৰু গড়কাপ্টানি বিভাগৰ বিষয়াসকলে ৷ পথ নিৰ্মানৰ নামত কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ৷

ৰাষ্ট্ৰীয় সন্মানেৰে পুৰস্কিত খুমটাইৰ কৃষক পল্লৱ গগৈ

খুমটাইৰ বুঢ়ালিকচন গাঁৱৰ শিক্ষিত যুৱক পল্লৱ গগৈয়ে কৃষি কৰ্মৰ জৰিয়তে ৰাষ্ট্ৰীয় পুৰস্কাৰে সন্মানীত হ’বলৈ সক্ষম হৈছে । পল্লৱ গগৈয়ে বিভিন্ন ধৰণৰ খেতি কৰি আহিছে । বিশেষকৈ কল খেতিৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰিছে তামিলনাডুৰ ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰৰ পৰা । পুৰস্কাৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে কৃষক পল্লৱ গগৈ ।

কোকৰাঝাৰত গ্ৰেপ্তাৰ চৰকাৰী চিকিৎসক

বিটিচি পৰিষদীয় নিৰ্বাচনৰ আগে আগে দুৰ্নীতি বিত্তীয় কেলেংকাৰী,নিযুক্তি সম্পৰ্কীয় কেলেংকাৰীৰ সৈতে জৰিত থকা বহু ৰৌ বৰালি আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষীৰ ভাষ্যত স্পষ্ট ইংগিত বহন কৰা পৰিলক্ষিত হৈছে ৷

ABOUT THE AUTHOR

...view details