অসম

assam

ETV Bharat / bharat

ঝান্সীত বিষপান কৰি একেটা পৰিয়ালৰে ৩ গৰাকী লোকৰ আত্মহত্যা

উত্তৰ প্ৰদেশৰ ঝান্সীত একেটা পৰিয়ালৰে ৩ গৰাকী লোকে বিষপান কৰি আত্মহত্যা কৰে । ঘটনাস্থলীৰ পৰা উদ্ধাৰ ছুইচাইড নোট ।

By

Published : May 22, 2020, 5:17 PM IST

3 persons from a family commit suicide by consuming poison in Jhansi
3 persons from a family commit suicide by consuming poison in Jhansi

নেশ্যনেল ডেস্ক, ২২ মে': শুকুৰবাৰে উত্তৰ প্ৰদেশৰ ঝান্সীত একেটা পৰিয়ালৰে ৩ গৰাকী লোকে বিষপান কৰি আত্মহত্যা কৰে ।

ঝান্সীৰ পৰা ৩০ কি.মি. নিলগত অৱস্থিত চিৰগাঁৱৰ অৰবিন্দ নামৰ লোকজনে, তেওঁৰ পত্নী ৰেখা আৰু পুত্ৰ নৈতিকৰ সৈতে বিষপান কৰে ।

বিষপানৰ ফলত ৰেখা আৰু অৰবিন্দ থিতাতে নিহত হয় যদিও, তেওঁলোকৰ পুত্ৰ নৈতিকক সংকটজনক অৱস্থাত চিকিৎসাললৈ নিয়াৰ পিচত, চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । এই বিষয়ে অৱগত কৰে স্থানীয় আৰক্ষীৰ লোকে ।

আৰক্ষীয়ে অনুসন্ধানৰ সময়ত ঘটনাস্থলীৰ পৰা এখন ছুইচাইড নোট উদ্ধাৰ কৰে । য'ত লিখা আছিল যে, বিগত দুমাহৰ পৰা তেওঁলোকৰ কন্যা সন্তানগৰাকীৰ আকস্মিক মৃত্যুৰ ফলত পৰিয়ালটো হতাশাত ভুগি আছিল ।

ইয়াৰোপৰি বিষপানৰ পিচত নৈতিকে তেওঁৰ এগৰাকী খুড়াকৰ লগত কথা পাতিছিল । ইয়াৰ পিচতে আৰক্ষীক সকলো খবৰ দিয়া হৈছিল । আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

আৰক্ষী অধীক্ষক ৰাহুল মিঠাছে উল্লেখ কৰা অনুসৰি, মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট অহাৰ পিচতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব । এই সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

...view details