নেশ্যনেল ডেস্ক, ১৮ জানুৱাৰী: জম্মু-কাশ্মীৰ আৰক্ষীয়ে সোমবাৰে সুনিশ্চিত কৰে যে, যোৱা ৩০ ডিচেম্বৰত শ্ৰীনগৰৰ লাৱায়প'ৰাত আৰক্ষীৰ গুলীত নিহত হোৱা তিনিওজন যুৱকৰ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক আছিল । এজন নিহত যুৱকৰ পৰিয়ালে দাবী কৰিছে যে, মৃত যুৱকজনে বিশ্ববিদ্যালয়লৈ বুলি ওলাই গৈছিল । কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে কয় যে, নিহত যুৱককেইজনৰ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক থকাৰ প্ৰমাণ অহা ১০ দিনৰ ভিতৰত আৰক্ষীয়ে ৰাজহুৱা কৰিব ।
বিজয় কুমাৰে প্ৰকাশ কৰা মতে, সন্ত্ৰাসবাদীয়ে গ্ৰেণেড দলিওৱাৰ লগতে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে । সন্ত্ৰাসবাদীক বাৰম্বাৰ আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছিল যদিও গুলীচালনা অব্যহত ৰাখে । আৰক্ষীৰ গুলীত নিহত হোৱা যুৱক কেইজনৰ প্ৰসংগত তেওঁ কয় যে, আৰক্ষীৰ হাতত ৬০ শতাংশ প্ৰমাণ আছে আৰু বাকীখিনি কেইদিনমানৰ ভিতৰতে আৰক্ষীৰ হাতত পৰিব । এই প্ৰমাণ নিহত যুৱক তিনিজনৰ পৰিয়ালক দেখুওৱা হ'ব ।