অসম

assam

By

Published : Jan 10, 2020, 11:55 PM IST

ETV Bharat / bharat

বিশ্বৰ দ্ৰুততম প্ৰগতিশীল চহৰৰ তালিকাত ভাৰতৰ 3 চহৰ

বিশ্বৰ দ্ৰুততম প্ৰগতিশীল চহৰৰ তালিকাত শীৰ্ষ দহত স্থান লাভ কৰিছে তিনি ভাৰতীয় চহৰে ৷ এই তিনিখন চহৰ হৈছে মালাপ্পুৰম, কোজিকোডে আৰু কোল্লাম ৷

মালাপ্পুৰম, কোজিকোডে আৰু কোল্লাম
বিশ্বৰ দ্ৰুততম প্ৰগতিশীল চহৰৰ তালিকাত ভাৰতৰ 3 চহৰ

নেশ্যনেল ডেস্ক, 10 জানুৱাৰী : Economist Intelligence Unit (EIU) য়ে চলোৱা এক সমীক্ষাত বিশ্বৰ দ্ৰুততম প্ৰগতিশীল চহৰৰ তালিকাত স্থান লাভ কৰিছে তিনি ভাৰতীয় চহৰে ৷ বিশ্বৰ শীৰ্ষ দহটা স্থানত থকা ভাৰতীয় চহৰ তিনিখন হৈছে মালাপ্পুৰম, কোজিকোডে আৰু কোল্লাম ৷ মালাপ্পুৰমে শীৰ্ষ স্থান দখল কৰাৰ লগতে কোজিকোডেই চতুৰ্থ আৰু কোল্লামে দহ সংখ্যক স্থান লাভ কৰিছে ৷

ভাৰতৰ উপৰি শীৰ্ষ দহত স্থান লাভ কৰিছে চীনৰ তিনিখন, নাইজেৰিয়া, অমান, আৰৱ গণৰাজ্য আৰু ভিয়েটনামৰ এখনকৈ চহৰে ৷

আনহাতে, 13 সংখ্যক স্থান দখল কৰিছে কেৰালাৰ থিছুৰ, 26 সংখ্যক স্থানত আছে গুজৰাটৰ চুৰাট আৰু 30 সংখ্যক স্থানত আছে তামিলনাডুৰ তিৰুপ্পুৰ চহৰ ৷

এই সম্পৰ্কত উদ্যোগপতি আনন্দ মহিন্দ্ৰই টুইটাৰৰ জৰিয়তে কয়, "মুম্বাই, দিল্লী, কলিকতাৰ দৰে মেট্ৰপলিটান চহৰৰ পৰিৱৰ্তে সৰু চহৰে বিশ্বৰ দ্ৰুততম প্ৰগতিশীল চহৰৰ তালিকাত স্থান লাভ কৰা বাবে সুখী হৈছো৷ ইয়াৰ জৰিয়তে স্থানীয় লোকে অধিক চাকৰিৰ সুবিধা লাভ কৰিব ৷ আমি বিচাৰো যে সৰু চহৰসমূহৰ উন্নয়ন হওঁক ৷"

আৰু পঢ়ক : বাৰেৰহণীয়া উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হ'ল খেলো ইণ্ডিয়া, 2020

ABOUT THE AUTHOR

...view details