তাজমহলৰ প্ৰৱেশ-প্ৰস্থানৰ নতুন নিৰ্দেশনা - তাজমহল
তাজমহলৰ ভিতৰত 3 ঘণ্টাতকৈ অধিক সময় অতিবাহিত কৰিলে পৰ্যটকে প্ৰদান কৰিব লাগিব অতিৰিক্ত টিকটৰ মাছুল ৷
নিউজ ডেস্ক,12 জুন : তাজমহলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা পৰ্যটকলৈ নতুন নিৰ্দেশনা ৷ তাজমহলৰ ভিতৰত 3 ঘণ্টাতকৈ অধিক সময় অতিবাহিত কৰিলে পৰ্যটকে ভৰিব লাগিব অতিৰিক্ত টিকটৰ মাছুল ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰখনত পৰ্যটকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷
এক জাননী যোগে পৰ্যটকক সজাগ কৰা হৈছে এই নতুন নিৰ্দেশনাৰ বিষয়ে ৷ পুৰাতত্ব বিভাগৰ অধীক্ষক বসন্ত কুমাৰে কয় যে, "নিৰ্দেশনাৰ পাচতে তাজমহলৰ পূব আৰু পশ্চিম দিশত সংযোগ কৰা হৈছে 7 খনকৈ নতুন প্ৰৱেশ দ্বাৰ ৷ ইয়াৰ বিপৰীতে 5 খনকৈ প্ৰস্থান দ্বাৰ সংযোগ কৰিছে প্ৰশাসনে ৷ বিদেশী পৰ্যটকৰ বাবে সংস্থাপন কৰা হৈছে পৃথক প্ৰৱেশ আৰু প্ৰস্থান দ্বাৰ ৷"
উল্লেখ্য যে, এটা টিকটৰ দৰতেই পূ্ৰ্বে পুৱাৰ পৰা সন্ধিয়ালৈ তাজমহলৰ প্ৰাংগণত থাকিবলৈ অনুমতি লাভ কৰিছিল পৰ্যটকসকলে ৷