নিউজ ডেস্ক, 13 অক্টোবৰঃ"বিগত 2 অক্টোবৰত তিনিখনকৈ চিনেমাই এদিনত উপাৰ্জন কৰিছে 120 কোটি টকা ৷ দেশৰ অৰ্থনীতি দুৰ্বল হ'লে এয়া কেনেকৈ সম্ভৱ !" শুনিবলৈ আচহুৱা লাগিলেও এই মন্তব্য আগবঢ়াইছে বিজেপি চৰকাৰৰ এগৰাকী কেন্দ্ৰীয়মন্ত্ৰীয়ে ৷ মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত অংশগ্ৰহণ কৰি দেশৰ অৰ্থনীতি সন্দৰ্ভত নাভুত-নাশ্ৰুত যুক্তি আগবঢ়াইছে কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে ৷
3খন চিনেমাৰ এদিনৰ উপাৰ্জন 120 কোটি, দেশৰ অৰ্থনীতি সৱলঃ ৰবিশংকৰ প্ৰসাদ - Indian Economy Latest News
মহাৰাষ্ট্ৰৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে দেশৰ অৰ্থনীতি সৱল বুলি উল্লেখ কৰে ৷ সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত চিনেমাৰ উপাৰ্জনৰ উদ্ধৃতিৰে দেশৰ অৰ্থনীতিক তুলনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷
মহাৰাষ্ট্ৰৰ নিৰ্বাচনী প্ৰচাৰ অংশগ্ৰহণ কৰি সংবাদমাধ্যমৰ প্ৰশ্নৰ উত্তৰত চৰকাৰী যন্ত্ৰ কাৰ্যব্যৱস্থা সন্দৰ্ভত এইদৰে উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ ৰবিশংকৰ প্ৰসাদৰ মতে, অৱসৰৰ দিনটোত যদি তিনিখনকৈ চিনেমাই 120 কোটি টকা উপাৰ্জন কৰিব পাৰে, তেতিয়াহ'লে দেশৰ অৰ্থনীতি নিশ্চয়কৈ সৱল ৷ মানুহৰ হাতত টকা নাথাকিলে চিনেমা উপভোগ কৰাৰ নামত 120 কোটি টকা খৰচ কৰিব নোৱাৰে ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, "বৈদ্যুতিন সৰঞ্জাম উৎপাদন, তথ্য-প্ৰযুক্তি, বাণিজ্য সহ একাধিক ক্ষেত্ৰত ভাল কাম হৈছে ৷ আমি কেতিয়াও কোৱা নাই যে, প্ৰত্যেককে আমি চৰকাৰী চাকৰি দিম ৷ নিবনুৱা সমস্যাক লৈ বহুতেই সংগঠিতভাবে চৰকাৰৰ বিৰুদ্ধে মানুহক ভুল পথে পৰিচালিত কৰিছে ৷"
উল্লেখ্য যে, আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে বিশ্বৰ বিভিন্ন দেশৰ অৰ্থব্যৱস্থাক লৈ সতৰ্কবানী প্ৰদান কৰিছিল ৷ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ নতুন মেনেজিং ডাইৰেক্টৰ ক্ৰিষ্টালিনা জৰ্জিভাৰে কৈছিল যে, "চলিত আৰ্থিক বছৰত অৰ্থনীতি বৃদ্ধিৰ হাৰ হ'ব এই দশকৰ সৰ্বনিম্ন ৷ পৰিস্থিতিলৈ লক্ষ্য কৰিলে বিশ্বৰ 90 শতাংশ দেশেই আৰ্থিক মন্দাৱস্থাৰ সন্মুখীন হৈছে বা হ'বলৈ গৈ আছে ৷ এইক্ষেত্ৰত ভাৰত আৰু ব্ৰাজিলৰ দৰে উন্নয়নশীল দেশে আৰ্থিক মন্দাৱস্থাৰ কাৰণে অধিক ক্ষতিগ্ৰস্থ হ'ব ৷" আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি সংস্থাৰ দৰে সংগঠনে এনেকুৱা সতৰ্কবানী প্ৰদান কৰাৰ পিচটো দেশৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ এনেকুৱা দায়সৰা মন্তব্যই নিশ্চয়কৈ প্ৰশ্ন উত্থাপন কৰে ৷