অসম

assam

ETV Bharat / bharat

সতীৰ্থই গুলীয়াই হত্যা কৰিলে তিনি চি আৰ পি এফ জোৱানক - চি আৰ পি এফ জোৱান

বুধবাৰে নিশা চি আৰ পি এফৰ 187 বেটেলিয়নৰ এজন জোৱানে গুলীয়াই হত্যা কৰে তিনিজনকৈ জোৱানক ৷  কোনো কাৰণত সূত্ৰপাত হোৱা  মতানৈক্যৰ পাচতে সংঘটিত হয় এই ঘটনা ৷

etv bharat

By

Published : Mar 21, 2019, 10:29 AM IST

নিউজ ডেস্ক, 21 মাৰ্চ : সতীৰ্থ জোৱানেগুলীয়াই হত্যা কৰিলে তিনিজনকৈ চি আৰ পি এফ জোৱানক৷ জম্মু-কাশ্মীৰৰ উধমপুৰত সংঘটিত হয় এই ঘটনা ৷ বুধবাৰে নিশা চি আৰ পি এফৰ 187 বেটেলিয়নৰ এজন জোৱানে গুলীয়াই হত্যা কৰে তিনিজনকৈ জোৱানক ৷

চি আৰ পি এফ জোৱানকেইজনৰ মাজত কোনো কাৰণত সূত্ৰপাত হোৱা মতানৈক্যৰ পাচতে সংঘটিত হয় এই ঘটনা ৷ সহকৰ্মী তিনিজনক গুলীয়াই হত্যা কৰাৰ পাচতে নিজেও গুলীয়াই আত্মহত্যাৰ চেষ্টা চলায়জোৱানজনে ৷ বৰ্তমানে তেওঁৰ অৱস্থা সংকটজনক বুলি প্ৰকাশ কৰিছে চি আৰ পি এফৰ এজন উচ্চপদস্থ বিষয়াই ৷ ঘটনা সন্দৰ্ভত বৰ্তমানে অব্যাহত আছে তদন্ত ৷

ABOUT THE AUTHOR

...view details