অসম

assam

ETV Bharat / bharat

ছ'চিয়েল মিডিয়াত ক'ৰোনা ভাইৰাছ সন্দৰ্ভত ভুল তথ্য প্ৰচাৰৰ কৰি গ্ৰেপ্তাৰ তিনিজন - কোৰোনা ভাইৰাছ কেৰেলা

কেৰেলাত ছ'চিয়েল মিডিয়াত ক'ৰোনা ভাইৰাছত আক্ৰান্ত দেশসমূহৰ পৰা ৰাজ্যলৈ উভতি অহা লোকসকলৰ বিষয়ে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে তিনিজন লোকক কেৰেলা চৰকাৰে গ্ৰেপ্তাৰ কৰাৰ কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কে কে শৈলজাই ৷

3 arrested for spreading false information on coronavirus
কেৰেলাত ছচিয়েল মিডিয়াত কোৰোনা ভাইৰাছক লৈ ভুল তথ্য প্ৰচাৰৰ বাবে গ্ৰেপ্তাৰ তিনিজনকৈ লোক

By

Published : Feb 2, 2020, 11:35 AM IST

নেশ্যনেল ডেস্ক,2 ফেব্ৰুৱাৰী: কেৰেলাত ক'ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা মেডিকেল বিভাগৰ ছাত্ৰীগৰাকীৰ বৰ্তমান স্থিতি সন্তোষজনক আৰু লগতে ছচিয়েল মিডিয়াত ক'ৰোনা ভাইৰছৰ বিষয়ে ভুল তথ্য প্ৰচাৰৰ অপৰাধত কেৰেলাত তিনিজন লোক গ্ৰেপ্তাৰ কৰা হৈছে বুলি শণিবাৰে জানিবলৈ দিয়ে কেৰালা চৰকাৰে ৷
ক'ৰোনা ভাইৰাছত আক্ৰান্ত হোৱা যুৱতী গৰাকী হৈছে ৱুহান বিশ্ববিদ্যালয়ৰ মেডিকেল বিভাগৰ ছাত্ৰী ৷ বৰ্তমান ছাত্ৰীগৰাকীৰ চিকিৎসা ত্ৰিসুৰ মেডিকেল কলেজ হাস্পাতালত চলি আছে ৷ পৰীক্ষণত ছাত্ৰীগৰাকী ক'ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বুলি প্ৰমানিত হয় আৰু বৰ্তমানলৈ স্বাস্থ্য সন্তোষজনক স্থিতিত আছে ৷ লগতে হাস্পাতালখনৰ কৰ্তৃপক্ষৰ লগতে ভৰ্তি হৈ থকা আন আন ৰোগী সকলোৰো স্বাস্থ্য স্থিতি থিকে আছে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:স্বাস্থ্য শিক্ষাৰ বাবে ব্যাপক অভিযোজনা
WHO সংস্থাই গোলকীয় জৰুৰীকালীন বুলি ঘোষনা কৰা ক'ৰোনা ভাইৰাছে যাতে কেৰেলাত মহামাৰীৰ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ থকাৰ লগতে চোকা পৰীক্ষণৰ ব্যৱস্থা কৰিছে বুলি জনাই কেৰেলাৰ স্বাস্থ্যমন্ত্ৰী কে কে শৈলজাই ৷ তেখেতে সাংবাদিকক আগত কয় যে, ক'ৰোনা ভাইৰাছ আক্ৰান্ত দেশ সমূহৰ পৰা ৰাজ্যলৈ উভতি অহা লোকসকলৰ বিষয়ে ছ'চিয়েল মিডিয়া যোগে ভুল তথ্য প্ৰচাৰৰ বাবে তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে লগতে জনাই যে, ছ'চিয়েল মিডিয়াত দিয়া উক্ত প'ষ্টটো আৰু 6 জন লোকে প্ৰচাৰ কৰিছে ,ইয়াৰ ওপৰত বৰ্তমান ছাইবাৰ ছেলে অনুসন্ধান অনুসন্ধান অব্যাহত আছে ৷

উল্লেখ্য যে, মন্ত্ৰীগৰাকীয়ে পূৰ্বেই সতৰ্ক কৰি দিছিল যাতে ক'ৰোনা ভাইৰাছ সন্দৰ্ভত ছ'চিয়েল মিডিয়াত ভুল তথ্য প্ৰচাৰ নকৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া
অনুসৰি, এই সন্দৰ্ভত শুকুৰবাৰে ছবৰী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰি জামিনত এৰি দিয়াৰ বিপৰীতে শণিবাৰে ছফি আৰু চিৰাজ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ বৰ্তমানলৈ এই সন্দৰ্ভত ত্ৰিসুৰৰ দুখন আৰক্ষী থানাত পৃথকে পৃথকে দুটা গোচৰ পঞ্জীয়ন হৈছে ৷

লগতে পঢ়ক:দৰিদ্ৰ জনসাধাৰণৰ সৈতে কোনো সম্পৰ্ক নাই মোদী চৰকাৰৰ : শ্ৰীৰাম চৌধুৰী

For All Latest Updates

ABOUT THE AUTHOR

...view details