নেশ্যনেল ডেস্ক, 25 জানুৱাৰী : মোবাইল আৰু ইন্টাৰনেট সেৱা মুকলি কৰি দিয়াৰ পাচতে স্বস্তিৰ নিশ্বাস পেলাইছে জম্মু-কাশ্মীৰবাসীয়ে ৷ শনিবাৰে উপত্যকাটোত ইন্টাৰনেট সেৱা মুকলি কৰা হয় যদিও জম্মু-কাশ্মীৰ প্ৰশাসনে মঞ্জুৰ কৰা কেৱল 301 টা ৱেবছাইটহে খুলিব পৰা যাব ৷
জম্মু-কাশ্মীৰ প্ৰশাসনৰ গৃহ বিভাগে প্ৰকাশ কৰা এক অধিসূচনাত এই কথা প্ৰকাশ কৰা হৈছিল যে, 25 জানুৱাৰীৰ পৰা জম্মু-কাশ্মীৰত 2G মোৱাইল সেৱা মুকলি কৰি দিয়া হ'ব ৷
পোষ্টপেইড আৰু প্ৰিপেইড দুয়োটা সেৱাতে ইন্টাৰনেট সেৱা মুকলি কৰিলেও উপত্যকাটোৰ আৱাসীসকলৰ বাবে ছ'চিয়েল মিডিয়া এতিয়াও ব্যাহত কৰি ৰখা হ'ব ৷
বৰ্তমান প্ৰদান কৰা ৱেবছাইট সমূহৰ ভিতৰত আছে সকলোবোৰ search engine ৰ লগতে বেংক, শিক্ষা, বাতৰি, ভ্ৰমণ, উপযোগিতা আৰু নিযুক্তি ৷
উল্লেখ্য যে, 10 জানুৱাৰীৰ দিনা উচ্চতম ন্যায়ালয়ে জম্মু-কাশ্মীৰক এক সপ্তাহৰ ভিতৰত ইন্টাৰনেট সেৱা মুকলি কৰি দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ কেন্দ্ৰীয় শাসিত অঞ্চলটোত ইন্টাৰনেট সেৱা বন্ধ কৰি ৰখা বাবে এয়া মৌলিক অধিকাৰৰ পৰিপন্থী বুলি মন্তব্য কৰি এই সেৱা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে ৷
5 আগষ্টত জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণ আৰু কেন্দ্ৰীয় শাসিত হিচাপে বিভক্ত কৰাৰ পাচতে ইন্টাৰনেট, লেণ্ডলাইন আৰু মোৱাইল সেৱা বন্ধ কৰি ৰখা হৈছিল ৷
আৰু পঢ়ক : টেলিকম খণ্ডৰ সংকট মোচন হ’বনে !