নিউজ ডেস্ক, ২৬ এপ্ৰিলঃবিহাৰৰ ৩৮খন জিলাৰ ভিতৰত ২১খনকৈ জিলাৰ পৰা ২৮গৰাকীকৈ লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে । শুকুৰবাৰে ৰাজ্যখনত ৩০গৰাকীকৈ লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল । ৰাজ্যখনৰ পাটনা জিলাত ৭গৰাকী, কাইমুৰ জিলাত ৬গৰাকী আৰু বক্সৰ জিলাত ৫গৰাকীকৈ লোক এই ভাইৰাছত আক্ৰান্ত হৈছে । ইয়াৰ পিচতেই ৰাজ্যখনত সৰ্বাধিক সংখ্যক ২৫১গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় । বিহাৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ লগতে মুখ্য সচিব সঞ্জয় কুমাৰে প্ৰকাশ কৰিছে এই তথ্য ।
জামালপুৰ টাউনত তিনিটা নতুন ঘটনা পোহৰলৈ অহাৰ লগতে অৰৱাল জিলাত প্ৰথমটো ঘটনা পোহৰলৈ আহিছে । ৰোহটাছত ২টা, গয়া, ভোজপুৰ, চাৰন আৰু বৈশালীত এটাকৈ ঘটনা পোহৰলৈ আহিছে । ৰাজধানী চহৰৰ খাজপুৰাত তিনিগৰাকীকৈ লোক পজিটিভ হোৱাৰ লগতে বেউৰত তিনিগৰাকী লোক কৰ'ণা পজিটিভ পোৱা গৈছে । ইতিমধ্যে জিলা প্ৰশাসনে এই অঞ্চলসমূহত ব্যাপক সাৱধানতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে । আনহাতে কাইমুৰ জিলাত আক্ৰান্ত হোৱাসকলৰ ভিতৰত চাৰিগৰাকী আৰক্ষীৰ লোক আছে বুলিও জানিব পৰা গৈছে ।