নেশ্যনেল ডেস্ক, ২২ অক্টোবৰ: মহাৰাষ্ট্ৰ থানেত বুধবাৰে নিশা সংঘটিত হয় এক শোকাৱহ ঘটনা। থানেৰ শাহপুৰ তালুকাৰ শিৰ'লেত নিশা বজ্ৰপাত পৰি শিশুসহ ২৫ জন লোক আহত হয়। বজ্ৰপাত পৰাৰ ফলত দুটা বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত ৬ মহীয়া শিশুসহ আন ২৫ জন লোক আহত হয়। আহত লোকসকলক শাহপুৰ চৰকাৰী চিকিত্সালয়লৈ প্ৰেৰণ কৰা হয়। বিগত কিছুদিন ধৰি প্ৰৱল বৰষুণৰ বাবে মহাৰাষ্ট্ৰত বিভিন্ন অঘটন সংঘটিত হৈ আছে। যোৱা সপ্তাহত ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বানত পুণে, ঔৰংগাবাদ আৰু কংকানত ৪৮ জন লোকৰ মৃত্যু হৈছে। লাখ লাখ হেক্টৰ কৃষিভূমিও প্লাবিত কৰিছে বানে। বৰষুণৰ মাত্ৰা এনেদৰে বৃদ্ধি পালে ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা প্ৰকট হৈছে।
মহাৰাষ্ট্ৰৰ থানেত বজ্ৰপাত পৰি ২৫জন আহত
মহাৰাষ্ট্ৰৰ থানে জিলাৰ শিৰ'লেত বজ্ৰপাত পৰি ৬ মহীয়া শিশুসহ ২৫জন আহত। বুধবাৰে নিশা সংঘটিত হয় এই ভয়াৱহ ঘটনা। বজ্ৰপাত পৰি ২টা বাসগৃহ ভস্মীভূত।
মহাৰাষ্ট্ৰৰ থানেত বজ্ৰপাত পৰি ২৫জন আহত