অসম

assam

By

Published : Jan 6, 2020, 10:53 PM IST

ETV Bharat / bharat

ৰাষ্ট্ৰজোৰা ধৰ্মঘটত অংশ ল'ব 25 কোটি জনতাই

25 কোটি জনতাৰ উপস্থিতিত চৰকাৰৰ 'জনতা বিৰোধী' নীতিৰ বিৰুদ্ধে ধৰ্মঘটৰ আয়োজন কৰা হৈছে ৷ 8 জানুৱাৰীত এই ধৰ্মঘট আয়োজন কৰা হ'ব ৷

25 কোটি জনতাৰ অংশগ্ৰহণ
ৰাষ্ট্ৰজোৰা ধৰ্মঘট

নেশ্বনেল ডেস্ক, 6 জানুৱাৰীঃসোমবাৰে 10 টাকৈ কেন্দ্ৰীয় ব্যৱসায়ী সংঘই (Central Trade Union) জানিবলৈ দিয়ে যে, প্ৰায় 25 কোটি লোকে চৰকাৰৰ 'জনতা বিৰোধী' নীতিৰ বিৰুদ্ধে ধৰ্মঘটত অংশ ল'ব ৷ ব্যৱসায়ী সংঘ INTUC, AITUC, HMS, CITU, AIUTUC, TUCC, SEWA, AICCTU, LPF, UTUC ৰ লগতে বহুকেইটা স্বাধীন ফেডাৰেছন আৰু এচ'ছিয়েছনে 2020 চনৰ 8 জানুৱাৰীত ৰাষ্ট্ৰজোৰা ধৰ্মঘটৰ কথা ঘোষণা কৰিছিল ৷ সংঘসমূহৰ এক যুটীয়া বিবৃতিত প্ৰকাশ পোৱা অনুসৰি, "2 জানুৱাৰী, 2020 ত মজদুৰসকলৰ দাবীসমূহত নিশ্চয়তা প্ৰদান কৰিবলৈ শ্ৰম মন্ত্ৰালয় বিফল হয় ৷ শ্ৰমৰ প্ৰতি চৰকাৰৰ অৱমাননা স্পষ্ট, সেয়েহে আমি চৰকাৰৰ নীতি আৰু কাৰ্যত অতিষ্ঠ হৈ পৰিছো ৷"

উল্লেখ্য যে, এই ধৰ্মঘটত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 60 টাকৈ সংগঠন আৰু বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীয়ে ৷ ইয়াৰ জৰিয়তে তেওঁলোকে শিক্ষাখণ্ডত দিনে দিনে বৃদ্ধি পাই অহা নামভৰ্তি মাছুল আৰু ব্যৱসায়ীকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব ৷ ব্যৱসায়ী সংঘই JNU কাণ্ডৰো গৰিহণা জনোৱাৰ লগতে আঘাতপ্ৰাপ্ত ছাত্ৰ-শিক্ষক সকলৰ সমৰ্থনত থিয় দিয়া বুলি জানিবলৈ দিয়ে ৷

বিবৃতিত লগতে কোৱা হয়, "12 টা বিমানবন্দৰ ব্যক্তিগত খণ্ডত বিক্ৰী কৰা হৈছে৷ এয়াৰ ইণ্ডিয়াৰ 100 শতাংশ বিক্ৰী প্ৰায় নিৰ্ধাৰিত হৈছে, বিপিচিএলক বিক্ৰীৰ সিদ্ধান্ত ইতিমধ্যেই গ্ৰহণ কৰা হৈছে, 93,600 টেলিকম কৰ্মীক ইতিমধ্যেই চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে ৷" এই সংঘৰ সদস্যসকলে ৰেলৱে'ৰ ব্যক্তিগতকৰণ, 49 টা প্ৰতিৰক্ষা উৎপাদন ইউনিটৰ নিগমীকৰণ, বেংকসমূহৰ বলপূৰ্বক সমন্বয় আদিৰো বিৰুদ্ধাচৰণ কৰে ৷

আৰু পঢ়ক : JNU হিংসা : তীব্ৰ গৰিহণা পশ্চিমবংগ,কেৰালাৰ মুখ্যমন্ত্ৰীৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details