হিমাচলত প্ৰবল বৃষ্টিপাত, আৱদ্ধ 28 খন বাছ - হিমাচল প্ৰদেশ
চামেৰা বান্ধৰ ওচৰৰ পথটো প্ৰবল বৰষুণৰ বাবে খহি পৰে ৷ ৰাষ্টাৰ দুয়োপাৰে ৰৈ থাকিব লগা হয় সৰু বৰ গাড়ীত অহা যাত্ৰীসকল ৷

হিমাচলত প্ৰবল বৃষ্টীত খহিল ৰাষ্টা, আবদ্ধ 28 খন বাছ
নেশ্যনেল ডেস্ক, 28 আগষ্টঃ হিমাচল প্ৰদেশত চামেৰা বান্ধৰ ওচৰৰ পথটো প্ৰবল বৰষুণৰ বাবে খহি পৰে ৷ ৰাষ্টাৰ দুয়োপাৰে ৰৈ থাকিব লগা হয় সৰু বৰ গাড়ীত অহা যাত্ৰীসকল ৷ এই ঘটনাৰ বাবে বাতিল কৰিব লগা হয় মণিমহেশ যাত্ৰা ৷ মণিমহেশ হ্ৰদ হিমাচল প্ৰদেশৰ এক প্ৰমুখ তীৰ্থ স্থান ৷ এই হ্ৰদ 13,000 ফুট উচ্চতাত অবস্থিত আৰু প্ৰতিবছৰ এই স্থানত এক মেলা অনুষ্ঠিত হয় ৷ বহু লোক সমবেত হয় এই হ্ৰদৰ পানীত গা ধুৱে ৷