নিউজ ডেস্ক,২৭ জুলাইঃ দিল্লীৰ তবলিগী জামাত অংশ গ্ৰহণ কৰা ২৩ গৰাকী বিদেশী সদস্যক নিজ দেশলৈ ঘূৰি যোৱাৰ বাবে অনুমতি প্ৰদান কৰে বুলি সোমবাৰে উচ্চতম ন্যায়ালয়ৰ আগত সদৰি কৰে কেন্দ্ৰীয় চৰকাৰে । বিদেশী নাগৰিক কেইজনৰ পৰা ৫,০০০ টকাৰ জৰিমনা লোৱাৰ উপৰিও তেখেতসকলক নিজ দেশলৈ ঘূৰি যাবলৈ অনুমতি দিয়ে বুলি সদৰি কৰে ।
তবলিগী জামাত অংশ লোৱা ২৩ গৰাকী বিদেশীক নিজ গৃহ ৰাষ্ট্ৰলৈ যোৱাৰ অনুমতি কেন্দ্ৰৰ উল্লেখ্য যে,লক ডাউনৰ সকলো নীতি নিয়ম ভংগ কৰি জামাতত অংশ গ্ৰহণ কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে বিদেশী নাগৰিক কেইগৰাকীৰ নাম ব্লেকলিষ্টত ৰখাৰ উপৰিও ভিছা কৰ্তন কৰে। যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় বিদেশী নাগৰিক কেইগৰাকী ।
১৫ খন দেশৰ ৩৪ গৰাকী বিদেশী নাগৰিকে প্ৰথমে উচ্চতম ন্যালায়ত দাবী জনাই যে তেখেতসকলক ব্যক্তিগতভাৱে কোনো ধৰণৰ আদেশ জাৰী কৰা হোৱা নাছিল । আনহাতে,দিল্লী আদালতে শুকুৰবাৰে ইণ্ডোনেছিয়া,কিৰ্গিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ ৫৩ গৰাকী ব্যক্তিয়ে মহামাৰী COVID-19ৰ সময়ত তবলিগী জামাতত অংশ গ্ৰহণ কৰাৰ বাবে ভিছাৰ নীতি-নিয়ম সহিতে বিভিন্ন নিয়ম উলংঘা কৰাৰ দোষত জৰিমনা বিহে । বৰ্তমান পৰ্যন্ত ৯০৮ গৰাকী বিদেশীক বেলেগ বেলেগকৈ জৰিমনা বিহে বুলিও জানিবলৈ দিয়ে ।
লগতে চাওকঃ নামেৰীত চোৰাং কাঠৰ কুণ্ডাসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী