অসম

assam

ETV Bharat / bharat

তেলেংগানাত 23 সাংবাদিক কোভিড-19 পজিটিভ - তেলেংগানাত 23 সাংবাদিক কোভিড-19 পজিটিভ

দেওবাৰে তেলেংগানাত 23 গৰাকী সাংবাদিকৰ দেহত কোভিড-19ৰ উপস্থিতি পোৱা গৈছে ৷ ৰাজ্যখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এই তথ্য ৷

তেলেংগানাত 23 সাংবাদিক কোভিড-19 পজিটিভ
তেলেংগানাত 23 সাংবাদিক কোভিড-19 পজিটিভ

By

Published : Jun 15, 2020, 5:29 AM IST

নিউজ ডেস্ক, 15 জুন : ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰা কোভিড-19ৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে সংবাদসেৱাৰ সৈতে জড়িত থকা সাংবাদিকসকল ৷ শেহতীয়াকৈ দক্ষিণ ভাৰতৰ প্ৰাণকেন্দ্ৰস্বৰূপ তেলেংগানাত সৰ্বাধিকসংখ্যক 23 গৰাকী সাংবাদিকৰ দেহত মাৰাত্মক কৰ'ণা ভাইৰাছসৃষ্ট কোভিড-19 মহামাৰী ধৰা পৰিছে ৷

ৰাজ্যখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এই তথ্য ৷ তেলেংগানাৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, বিভাগে সৰ্বাধিকসংখ্যক 140গৰাকী সাংবাদিকৰ নমুনা সংগ্ৰহ কৰিছিল ৷ ফলাফলৰ অন্তত ইয়াৰে 23গৰাকী কোভিড-19 পজিটিভি বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ৰাজ্যখনত কোবিড-19ত আক্ৰান্ত হৈ এগৰাকী সাংবাদিকে মৃত্যুক সাৱতি লৈছে ৷ আনহাতে এই ভাইৰাছৰ কৱলত পৰিছে প্ৰায় 60গৰাকী সাংবাদিক ৷ ইয়াৰ ভিতৰত দেওবাৰে 23 গৰাকী নতুনকৈ আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ৷

দেওবাৰে ৰাজ্যখনত 237গৰাকী কোভিড-19 চিনাক্ত হোৱাৰ লগতে 3 গৰাকীয়ে মৃত্যুক সাৱতি লয় ৷ ৰাজ্যখনত বৰ্তমানে 4974 গৰাকী ব্যক্তি কোভিড-19ত আক্ৰান্ত হৈছে ৷ ইয়াৰে 2377 গৰাকী সুস্থ হোৱাৰ বিপৰীতে 2412 গৰাকী সক্ৰিয় হৈ থকাৰ লগতে 185 গৰাকী মৃত্যুমুখত পৰিছে ৷

ABOUT THE AUTHOR

...view details