নেশ্যনেল ডেস্ক, 24 জানুৱাৰীঃএগৰাকী 22 বছৰীয়া যুৱক আৰু এগৰাকী 60 বছৰীয়া মহিলাৰ প্ৰেম কাহিনীক লৈ এজাহাৰ দাখিল ৷ উত্তৰ প্ৰদেশৰ আগ্ৰাত সংঘটিত হৈছে এনে এক ঘটনা ৷ এগৰাকী 60 বছৰীয়া সাতটা সন্তানৰ মাতৃৰে প্ৰেম এগৰাকী 22 বছৰীয়া পুত্ৰসম যুৱকৰ ৷
উল্লেখ্য যে এই প্ৰেম কাহিনীটো আৰম্ভ হৈছিল প্ৰকাশ নগৰৰ এটমাডুডুল্লা আৰক্ষী থানাৰ পৰা ৷ যেতিয়া মহিলাগৰাকীৰ স্বামী আৰু পুত্ৰই আৰক্ষী থানাত যুৱকগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে তেতিয়া এই নাটকখন পোহৰলৈ আহে ৷ যুৱকগৰাকীৰ পৰিয়ালৰ লোক আৰু মহিলাগৰাকীৰ পৰিয়ালৰ লোক যেতিয়া আৰক্ষী থানাত মিলিত হয় তেতিয়াই আৰম্ভ হয় প্ৰকৃত নাটক খনৰ ৷ মহিলাগৰাকীৰ লগত যেতিয়া যুৱকগৰাকীয়ে বিয়া হ’বলৈ উদ্যত হৈছিল তেতিয়াই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকগৰাকীক ৷