অসম

assam

ETV Bharat / bharat

পোখৰাণ-2ৰ 22 টা বৰ্ষঃ "দেশৰ প্ৰগতি হ'ল কিন্তু আমি কষ্ট পালো" - পৰমাণু পৰীক্ষণ স্থলৰ নিকটতম গাঁও খেতোলাই

পোখৰাণ 2 ৰ 22 টা বছৰ সম্পন্ন হোৱাৰ পৰ্বতে, ইটিভি ভাৰতে কাষৰীয়া গাঁওসমূহৰ বাসিন্দাৰ সৈতে বাৰ্তালাপ কৰে ৷ ভাৰতৰ এই সফলতাক লৈ সকলোৱে গৌৰৱ কৰে, কিন্তু এটা কথা গাঁওবাসী সদায় চৰকাৰৰ দ্বাৰা উপেক্ষিত হয় ৷ গাঁৱৰ মানুহখিনিৰ মতে, তেওঁলোকে ভয় কৰে কিজানি পৰীক্ষণৰ দ্বাৰা হোৱা বিকিৰণৰ এতিয়াও প্ৰভাৱ থাকি গৈছে অঞ্চলটোত ৷ ফলত ছালৰ ৰোগৰ হোৱাৰ লগতে ইয়াৰ দ্বাৰা কেঞ্চাৰ হোৱাৰ আশংকাও বহু পৰিমাণে ৰৈ গৈছে ৷

22 years of Pokhran II: 'Country made progress, but we suffered'
দেশৰ প্ৰগতি হ'ল কিন্তু আমি কষ্ট পালো

By

Published : May 11, 2020, 10:08 PM IST

নিউজ ডেস্ক,11 মে' :1988চনৰ 11 মে' ভাৰতীয় ইতিহাসত সোণোৱালী আখৰেৰে লিখা হৈছে ৷ কাৰণ এইটো দিনতে ভাৰতে ৰাজস্থানত ভাৰতীয় সেনাৰ দ্বাৰা পাঁচটা পৰমাণু পৰীক্ষণ সফল ৰূপত সম্পন্ন কৰিছিল ৷

পৰমাণু পৰীক্ষণৰ 22 টা বৰ্ষৰ পিছত ইটিভি ভাৰতৰ সাংবাদিক পৰমাণু পৰীক্ষণ স্থলৰ নিকটতম গাঁও খেতোলাইত উপস্থিত হ'ল আৰু অঞ্চলটোৰ অঞ্চলবাসীৰ লগত বাৰ্তালাপ কৰে ৷

"দেশে প্ৰগতি কৰিলে আৰু আমি সহ্য কৰিলো ৷"

দেশৰ প্ৰগতি কিন্তু লোকচানৰ মাজেৰে

পোখৰাণ-2 সফলতাৰ 22 বছৰৰ পিছতো গাঁওবাসীৰ প্ৰতি চৰকাৰৰ উদাসীনতাৰ অভিযোগ উত্থাপন হৈছে ৷

গাঁওবাসীৰ মতে, পৰমাণু পৰীক্ষণ হোৱাৰ ফলত বিকিৰণে তেওঁলোকৰ জনগাঁঠনিত যথেষ্ট প্ৰভাৱ পেলাইছে ৷ ছালৰ ৰোগ আৰু কেঞ্চাৰৰ প্ৰভাৱত পৰিছে গাঁওবাসী ৷ বহু গৰ্ভৱতী মহিলাৰ গৰ্ভপাত হ'ল ৷ লগতে বহু জীৱ-জন্তু বিভিন্ন ৰোগৰ দ্বাৰা আক্ৰান্ত হ'ল ৷

এগৰাকী গাঁৱৰ ব্যক্তিয়ে ক'লে , "পৰমাণু পৰীক্ষণৰ পিছত দেশে প্ৰগতি লাভ কৰিছে, কিন্তু আমি কেৱল কষ্ট পালো ৷"

চৰকাৰে ৰেডিয়াম ধৰ্মী পদাৰ্থৰ স্তৰ জানিবৰ বাবে প্ৰত্যেক মাহে অঞ্চলটোৰ মাটি, পানী পৰীক্ষা কৰাটো বিচাৰে, গাঁওবাসীয়ে ৷ লগতে উচিত স্বাস্থ্য পৰীক্ষা কৰাটোও কামনা কৰে চৰকাৰৰ পৰা ৷

তেঁওলোকৰ মতে, পৰীক্ষণৰ সময়ত কোনেও এই ক্ষেত্ৰত একো জনা নাছিল ৷ পৰীক্ষণৰ পিছত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে এই কথা ঘোষণা কৰাতহে খেতোলাইবাসীয়ে জানিব পাৰিলে আৰু গাঁওখন ক্ৰমাৎ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল ৷

সমস্যাৰ পিছতো গাঁওবাসীয়ে ক'লে, পৰমাণু পৰীক্ষণ তেঁওলোকৰ বাবে গৌৰৱৰ কথা ৷ কাৰণ এই দিনটোৰ বাবেই গাঁওখনক সকলোৱে চিনি পাবলৈ লৈছিল ৷ কিন্তু এইবাৰ কৰ'ণা ভাইৰাছৰ ত্ৰাসৰ বাবে পোখৰাণ-2 সফলতাৰ বৰ্ষপুতি তেঁওলোকে অনুষ্ঠিত কৰিব পৰা নাই ৷ তথাপিও সকলো নিয়ম মানি নিজৰ ঘৰৰ পৰাই ভাৰতৰ এই সফলতা উদযাপন কৰিছে গাঁওবাসীয়ে ৷

ABOUT THE AUTHOR

...view details