অসম

assam

ৰাজীৱ গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত 21 কিলোগ্ৰাম সোণ জব্দ

By

Published : Oct 4, 2020, 8:01 PM IST

হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত দেওবাৰে কাষ্টম বিষয়া সকলে সোণৰ বিস্কুট, সোণৰ গহণা, হীৰাসহ মুঠ 21 কিলোগ্ৰাম সোণ জব্দ কৰে ৷ জব্দকৃত সামগ্ৰী খিনিৰ মূল্য প্ৰায় 25 কোটি টকা হ'ব বুলি জানিবৱৈ দিয়ে তদন্তকাৰী বিষয়া সকলে ৷

ৰাজীৱ গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত 21 কিলোগ্ৰাম সোণ জব্দ
ৰাজীৱ গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত 21 কিলোগ্ৰাম সোণ জব্দ

নেশ্যনেল ডেস্ক, 4 অক্টোবৰ :দেওবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত জব্দ কৰা হয় 21 কিলোগ্ৰাম সোণ ৷ এটা পাৰ্চেলৰ পৰা কাষ্টম বিষয়া সকলে সোণৰ বিস্কুট, সোণৰ গহনা আৰু হিৰা জব্দ কৰে ৷ পাৰ্চেলটোৰ পৰা কেৱল এটা ফোন নম্বৰ আৰু ঠিকনা পোৱা হৈছে ৷ জব্দকৃত সামগ্ৰীখিনিৰ মূল্য প্ৰায় 25 কোটি টকা হ'ব বুলি জানিবৱৈ দিয়ে বিষয়া সকলে ৷

মধ্য প্ৰাচ্যৰ কোনো এক স্থানৰ পৰা সামগ্ৰীসমূহ অনা হৈছে বুলি জানিব পৰা গৈছে ৷ হায়দৰাবাদ হৈ সেই পাৰ্চেলটো মুম্বাইলৈ নিয়াৰ পৰিকল্পনা আছিল ৷ পাৰ্চেলটোৰ লগত পোৱা ফোন নম্বৰটোৰ লগতে তাত থকা ঠিকনাটোও ভুৱা বুলি জানিবলৈ দিয়ে বিশেষ সূত্ৰই ৷

পাৰ্চেলত থকা ঠিকনাটো ভুল হোৱাৰ বাবে তদন্তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হোৱা বুলি অৱগত কৰে তদন্তকাৰী বিষয়াসকলে ৷ আনহাতে এই ঘটনাৰ সৈতে বহু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে তেওঁলোকে ৷

লগতে পঢ়ক:মহিলাৰ মৰ্ফড ফটো শ্বেয়াৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি অভিযুক্ত

ABOUT THE AUTHOR

...view details