নিউজ ডেস্ক, ২৫ এপ্ৰিলঃবিদেশৰ পৰা ভাৰতলৈ উভটি অহা ২০৫ গৰাকী লোকক আজি নিজ গৃহলৈ প্ৰেৰণ কৰা হয় । কোভিড-১৯ মহামাৰীৰ সময়ত ভাৰতীয় বায়ুসেনাই বিদেশত আৱদ্ধ হৈ থকা এইসকল লোকক সুকলমে উদ্ধাৰ কৰি আনিছিল । পৰৱৰ্তী সময়ত তেওঁলোকক স্থলসেনাৰ যোধপুৰস্থিত আছুতীয়া কক্ষত তীক্ষ্ণ নিৰীক্ষণত ৰখা হৈছিল ।
লগতে পঢ়কঃদক্ষিণ আৰু পূৱ চীন সাগৰত চীনৰ অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি
অৱশেষত তেওঁলোকৰ আছুতীয়াকৈ থকাৰ সময়লানি শেষ হোৱাৰ পিচত যোধপুৰৰ পৰা নিজ নিজ গৃহলৈ প্ৰেৰণ কৰা হয় । সেই অনুসৰিয়ে বায়ুসেনাৰ বিশেষ বিমানেৰে ২০৫জনীয়া এটি দলক লাডাখৰ লেহলৈ প্ৰেৰণ কৰা হয় ।
স্থলসেনাৰ নৰ্থাৰ্ণ কামাণ্ডৰ অপাৰেশ্বন নমস্তেৰ অধীনত এইসকল লোকক এইদৰে স্বাস্থ্যসেৱা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰা হৈছিল । ইতিমধ্যে নৰ্থাৰ্ণ কামাণ্ডে টুইটযোগে এই কথা প্ৰকাশ কৰিছে ।
ভাৰতীয় বায়ুসেনাৰ C130 আৰু IL-76 বিমানেৰে এইসকল লোকক প্ৰেৰণ কৰাৰ কথা বায়ুসেনাই টুইট কৰে । বায়ুসেনাই প্ৰকাশ কৰা অনুসৰি, IL-76 বিমানৰ সহায়ত জয়চলমিৰৰ পৰা শ্ৰীনগৰলৈ ৫২ গৰাকীক আৰু C130 বিমানৰ দ্বাৰা যোধপুৰৰ পৰা লেহলৈ ২০৫ সৰ্বমুঠ ২৫৭ গৰাকী লোকক নিজ নিজ বাসগৃহলৈ প্ৰেৰণ কৰা হয় ।
বিগত সপ্তাহৰ বুধবাৰে ইৰাণৰ পৰা অহা ২২৫ গৰাকী ভাৰতীয়ক লেহলৈ প্ৰেৰণ কৰা হৈছিল । এইসমক লোককো যোধপুৰস্থিত সেনাৰ পৃথক আছুতীয়া কক্ষত ৰখা হৈছিল । একেদৰেই মঙলবাৰেও ১৮০ গৰাকী লোকক জয়চলমিৰৰ পৰা জম্মু-কাশ্মীৰলৈ প্ৰেৰণ কৰা হৈছিল ।
লগতে পঢ়কঃমুখ্য সতৰ্কতা আয়ুক্ত হিচাপে শপত গ্ৰহণ সঞ্জয় কোঠাৰীৰ