অসম

assam

ETV Bharat / bharat

NRC: ''তৃতীয় লিংগৰ লোকক পুৰুষ অথবা মহিলা এটা লিংগ বাচি ল'বলৈ হেঁচা প্ৰদান কৰা হৈছিল'' - এন আৰ চি চূড়ান্ত তালিকাত বাদ পৰা 2 হাজাৰ তৃতীয় লিংগৰ লোক

ন্যায়াধীশ বিধান বৰুৱাৰ মতামত, গৰিষ্ঠ সংখ্যক তৃতীয় লিংগৰ লোকৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে , তেওঁলোকৰ ওচৰত 1971 চনৰ আগৰ কোনো ধৰণৰ নথি-পত্ৰ নাই ৷

নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল 2 হাজাৰ তৃতীয় লিংগ লোক নাম : সৰ্বোচ্চ ন্যায়লয়ত দাৰস্থ ন্যায়াধীশ বিধান বৰুৱা

By

Published : Sep 18, 2019, 2:35 PM IST

নিউজ ডেস্ক, 18 চেপ্তেম্বৰ : এনআৰচি চূড়ান্ত তালিকাত বাদ পৰা প্ৰায় 2 হাজাৰ তৃতীয় লিংগৰ ব্যক্তিৰ বাবে ন্যায় বিচাৰি সৰ্বোচ্চ ন্যায়লয়ত আবেদন দাখিল ন্যায়াধীশ বিধান বৰুৱাৰ ৷ উচ্চতম ন্যায়ালয়ে তৃতীয় লিংগৰ আবেদন বিবেচনা কৰিব বুলি আশা প্ৰকাশ প্ৰথম তৃতীয় লিংগৰ ন্যায়াধীশগৰাকীৰ ৷ ন্যায়াধীশ বিধান বৰুৱাৰ মতামত, গৰিষ্ঠ সংখ্যক তৃতীয় লিংগৰ লোকৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে , তেওঁলোকৰ ওচৰত 1971 চনৰ আগৰ কোনো ধৰণৰ নথি-পত্ৰ নাই ৷ আপত্তিৰ আবেদনত লিংগ শ্ৰেণী হিচাপে অন্তৰ্ভুক্ত নাছিল তৃতীয় লিংগ ৷ লগতে তেঁওৰ অভিযোগ, এনআৰচি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল তৃতীয় লিংগক ৷ এনআৰচিত বিকল্প লিংগ হিচাপে তৃতীয় লিংগ নাছিল, পুৰুষ বা মহিলা যিকোনো এটা লিংগ বাছি ল'বলৈ জোৰ দিয়া হৈছিল তৃতীয় লিংগৰ লোকক ৷

নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল 2 হাজাৰ তৃতীয় লিংগ লোক নাম : সৰ্বোচ্চ ন্যায়লয়ত দাৰস্থ ন্যায়াধীশ বিধান বৰুৱা

ABOUT THE AUTHOR

...view details