অসম

assam

ETV Bharat / bharat

এতিয়াও আতংকিত কৰা IC 814 বিমান অপহৰণৰ দুই দশক - 1999 চনত বিমান অপহৰণ

দুটা দশক সম্পূৰ্ণ হোৱাৰ পথত IC 814 বিমান অপহৰণৰ ঘটনা ৷ 28 ডিচেম্বৰ, 1999 চনত এই বিমান অপহৰণ সংঘটিত হৈছিল ৷

জইছ-ই-মহম্মদৰ মুৰব্বী
মাছুদ আজহাৰ

By

Published : Dec 24, 2019, 3:28 PM IST

Updated : Dec 24, 2019, 6:43 PM IST

নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰঃ তিনিজন দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ মুক্তিৰ দাবীত IC 814 বিমানৰ অপহৰণৰ 20 টাকৈ বছৰ পাৰ হ'ল ৷ 1999 চনত নেপালৰ পৰা ভাৰতলৈ উৰা মাৰিব লগা এয়াৰ ইণ্ডিয়াৰ এখন বিমানত সংঘটিত হৈছিল এই অপহৰণৰ ঘটনা ৷ বিমানখনত থকা সৰ্বমুঠ 188 পণবন্দীৰ বিনিময়ত তিনিজন উগ্ৰপন্থীক মুকলি কৰি দিয়াৰ দাবী কৰি এই অপহৰণ কৰা হৈছিল ৷ তেতিয়াৰ তালিবান শাসিত কান্ধাৰত অৱশেষত বিমানখনে অৱতৰণ কৰিছিল ৷

মুক্তি প্ৰদান কৰা সেই তিনিজন উগ্ৰপন্থীৰ দুজনেই বৰ্তমানেও পাকিস্তানৰ ভূমিত অবাধে ঘূৰি ফুৰাৰ লগতে তাৰ পৰাই কূটাঘাত চলাই আহিছে ৷ এই দুই দুৰ্ধৰ্ষ উগ্ৰপন্থী হৈছে কাশ্মীৰস্থিত উগ্ৰপন্থী সংগঠন অল ওমৰ মুজাহিদীনৰ নেতা মুস্তাক আহমেদ ওৰফে মুস্তাক লটৰাম আৰু জইছ-ই-মহম্মদৰ প্ৰতিস্থাপক মৌলানা মাছুদ আজহাৰ ৷ মুক্তি লাভ কৰা তৃতীয়জন উগ্ৰপন্থী শ্বেইখ ওমৰক আমেৰিকাৰ সাংবাদিক ডেনিয়েল পাৰ্লক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি পাকিস্তানৰ এখন আদালতে মৃত্যুদণ্ডৰ ৰায়দান কৰিছিল ৷

এই অপহৰণৰ পাচতে মুস্তাকে পূৰ্বৰ দৰে মুকলিকৈ উগ্ৰপন্থী কাৰ্যকলাপ নকৰিলেও মাছুদ আজহাৰে ক্ৰমাগতভাৱে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত ৰাখিছে ৷ কাশ্মীৰ আৰু অন্য বহু স্থানত আত্মঘাতী বোমা আক্ৰমণ আৰম্ভ কৰিছিল আজহাৰেই ৷ ভাৰতীয় সংসদ আৰু জম্মু-কাশ্মীৰ বিধানসভাত আক্ৰমণ সংঘটিত কৰাৰ সমগ্ৰ চক্ৰান্ত ৰচনা কৰিছিল মাছুদ আজহাৰে ৷ আজহাৰে শ্ৰীনগৰৰ আফাক আহমেদ শ্বাহ নামৰ এজন ল'ৰাক আত্মঘাতী বোমাৰুৰূপে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল ৷ মাছুদে শ্ৰীনগৰস্থিত বাদামীবাঘ সেনা ছাউনীত আক্ৰমণ কৰা অভিসন্ধি ৰচনা কৰিছিল যদিও সেই অভিসন্ধি অসফল হৈছিল ৷

এই বিমান অপহৰণৰ পূৰ্বে আজহাৰক মুকলি কৰিবলৈ কাৰাগাৰ ভঙাৰ অসফল প্ৰচেষ্টাও চলোৱা হৈছিল ৷ আজহাৰৰ ভাতৃ যোচেফে জেল ভঙাৰ লগতে অপহৰণৰ অভিসন্ধি ৰচনা কৰিছিল ৷ মুম্বাইৰ পৰা ঢাকালৈকে অপহৰণৰ সমগ্ৰ পৰিকল্পনা কৰিবলৈ ডেৰ বছৰ সময়ৰ প্ৰয়োজন হৈছিল বুলি তথ্য লাভ কৰা হৈছে ৷ যোচেফৰ এই পৰিকল্পনাত সহযোগী আছিল আব্দুল লতিফ নামৰ এজন ভাৰতীয় ৷ লতিফে পৰিবহণৰ সুবিধা কৰি দিয়াৰ লগতে আজহাৰক আৰ্থিকভাৱেও সহযোগিতা প্ৰদান কৰিছিল ৷ ইয়াৰোপৰি, মুম্বাই আহিবৰ বাবে পাছপ'ৰ্ট আৰু ভাড়া ঘৰৰ সুবিধাও কৰি দিছিল লতিফে ৷

তথ্য অনুসৰি,ভাৰতীয় চোৰাংচোৱা সংস্থা (ৰ)য়ে অপহৰণৰ পূৰ্বেই এক সাৱধানবাণী লাভ কৰিছিল যদিও সংস্থাটোৰ দায়িত্বহীনতাৰ বাবে উগ্ৰপন্থী দলটোৱে বিমানখন অপহৰণ কৰিবলৈ সক্ষম হয় ৷ ভাৰতীয় চোৰাংচোৱা সংস্থা (ৰ) যিজন বিষয়াই এই সাৱধানবাণীক গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাছিল তেওঁকো অপৰহণ হোৱা বিমানখনৰ যাত্ৰীৰূপে উদ্ধাৰ কৰা হৈছিল ৷ ৰৰ বিষয়াগৰাকীৰ পত্নী আছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যালয়ৰ প্ৰভাৱশালী অধিকাৰীৰ ঘনিষ্ঠ ৷

ইন্ধনৰ অভাৱ হোৱাৰ বাবে অমৃতসৰৰ বিমানবন্দৰত অপহৰণ হোৱা বিমানখন প্ৰথমে অৱতৰণ কৰিছিল ৷ পণবন্দী ৰ'ৰ বিষয়াগৰাকীক বিমানখনত উদ্ধাৰ নকৰা হ'লে অপহৰণকাৰীৰ বিৰুদ্ধে সৈনিক অভিযান চলোৱা হ'লহেতেন ৷ ৰ'য়ে তেওঁলোকৰ বিষয়াজন সুৰক্ষিত থাকিবৰ বাবে অপহৰণ কৰা বিমানখন মুক্ত কৰি দিছিল আৰু কোনো ধৰণৰ সৈনিক অভিযান চলাবলৈ অনুমতি প্ৰদান কৰা নাছিল ৷ এয়াৰ ট্ৰেফিকৰ অনুমতিৰ অবিহনেই জৰুৰীভাৱে বিমানখন অমৃতসৰৰ পৰা উৰা মৰাৰ ফলত ইন্ধন ভৰাবলৈও সুবিধা লাভ নকৰিলে ৷ কিন্তু ইন্ধনৰ প্ৰয়োজন হোৱাত দ্বিতীয়বাৰৰ বাবে পাকিস্তানৰ লাহোৰত বিমানখন অৱতৰণ কৰা হয় ৷

এই অপহৰণৰ ঘটনাৰ পাচতে বহু তথ্য পোহৰলৈ আহিছিল ৷ ইয়াৰ ভিতৰত প্ৰথমটো আছিল-আফগান তালিবানসকল আই এছ আইৰ সমৰ্থনত আছিল আৰু তালিবানৰ বহু নেতা কাশ্মীৰৰ উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত আছিল ৷ দ্বিতীয়তে,কাশ্মীৰ আৰু বহু স্থানত উগ্ৰবাদ বিয়পোৱাৰ আঁৰৰ মূল চক্ৰান্তকাৰী হৈছে মাছুদ আজহাৰ ৷ বহু আন্তৰাষ্ট্ৰীয় উগ্ৰপন্থী সংগঠনৰ সৈতে আজহাৰৰ ঘনিষ্ঠ সম্পৰ্ক আছিল ৷ 1999 চনত বিমান অপহৰণৰ জৰিয়তে মুক্তি লাভ কৰা আজহাৰে জইছ-ই-মহম্মদৰ জৰিয়তে সমগ্ৰ ভাৰততে পৰৱৰ্তী পৰ্যায়ত উগ্ৰবাদ বিয়পাইছিল ৷

ইছলামাবাদ আৰু মুজাফৰাবাদৰ পৰাহে উগ্ৰপন্থী কাৰ্যকলাপ সংঘটিত হ'ব পাৰে বুলি ভাৰতীয় চোৰাংচোৱা সংস্থাই সন্দেহ কৰে বাবে আজহাৰে North West Frontier province (NWFP) আৰু পাকিস্তানৰ বালাকোটৰ পৰা উগ্ৰপন্থী কাৰ্যকলাপ চলাই গৈছিল ৷

আজহাৰৰ গ্ৰুপৰ ইছলামিক বিচাৰধাৰা হিজবুল মুজাহিদীন,অল ওমৰ,জমিয়ত ওল মুজাহিদীন গ্ৰুপৰ দৰে নাছিল ৷ তেওঁৰ বিচাৰধাৰা ISIS ত বিশ্বাসীসকলৰ বিচাৰধাৰাৰ সৈতে একে আছিল বাবে আজহাৰ ভাৰতৰ বাবে ডাঙৰ ভাবুকি হিচাপে থিয় দিছিল ৷ তেওঁৰ কেডাৰসকল ৱাহাবী স্কুলৰ চিন্তাধাৰাৰে পুষ্ট আছিল ৷ এই কেদাৰসকলে ৰাষ্ট্ৰবাদত বিশ্বাস কৰা নাছিল আৰু যিসকলে ৰাষ্ট্ৰবাদত বিশ্বাস কৰিছিল সেইসকলক কেতিয়াও মাফ নকৰিছিল ৷

আজহাৰ আৰু তেওঁৰ পৰিয়ালে জইছ-ই-মহম্মদৰ কেদাৰসকলক প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷ তেওঁ প্ৰদান কৰা এই প্ৰশিক্ষণৰ পৰাই দুৰ্ধৰ্ষ আক্ৰমণৰ কেদাৰসকলক নিৰ্বাচন কৰি উলিওৱা হৈছিল ৷ এনে আক্ৰমণৰ বাবে আজহাৰ শাৰীৰিকভাৱে সুস্থ নাছিল যদিও তেওঁৰ দ্বাৰা পৰিকল্পিত জেহাদৰ ধাৰণাই সকলোকে আতংকিত কৰি ৰাখিছিল ৷

IC 814 বিমান অপহৰণ

28 ডিচেম্বৰ, 1999 চনৰ এই বিমান অপহৰণ যিসকলে প্ৰত্যক্ষ কৰিছিল তেওঁলোকে বুজিব পাৰিব যে, এনে ধৰণৰ কাৰ্যকলাপৰ পোশা মেলাটো ভাৰতত দৰে দেশত ৰোধ কৰাটো কিমান প্ৰয়োজন ৷ 7 দিনৰ বাবে অপহৰণ হোৱা বিমানখনত পণবন্দীসকলে উৰা মাৰি ফুৰা দুটা দশক সম্পূৰ্ণ হোৱাৰ পাচতো ভাৰতৰ বাবে বৰ্তমানেও এই ভয়ংকৰ ঘটনা পাহৰিবলৈ কষ্টদায়ক হৈ আছে৷ আজহাৰৰ দৰে উগ্ৰপন্থীক আটক কৰি শাস্তি প্ৰদান কৰিলেহে এই দুখ কমিব বুলি আশা কৰিব পাৰি ৷ আজহাৰক হত্যা কৰাৰ বহুকেইটা চেষ্টা অসফল হোৱাৰ বাবে ভাৰতীয় সৈন্য আৰু চোৰাংচোৱা দলৰ বাবে এয়া বৰ্তমানেও বৃহৎ প্ৰত্যাহ্বান হৈয়ে আছে ৷ বালাকোট ষ্ট্ৰাইকৰ জৰিয়তে 2018 চনত আজহাৰ আৰু তেওঁৰ ছাউনীক ধংস কৰাৰ চেষ্টা চলোৱা হৈছিল ৷ তেওঁক গ্ল'বেল উগ্ৰপন্থী হিচাপে ঘোষণা কৰিবলৈ ভাৰতৰ প্ৰচেষ্টাত প্ৰতিবাৰেই চীনে বাধা প্ৰদান কৰি আহিছে ৷ ইয়াৰ জৰিয়তে ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পৰাকৈ আজহাৰক পাকিস্তানৰ সম্পদ হিচাপে আশ্ৰয় প্ৰদান কৰি অহা হৈছে ৷ আজহাৰক নিজৰ হস্তক্ষেপলৈ আনিবলৈ ভাৰতে বহু শক্তি প্ৰয়োগ কৰিলেও বৰ্তমানেও বাস্তৱত পৰিণত হ'বলৈ এতিয়াও অপেক্ষা কৰিব লগা হৈছে ৷

ৰাষ্ট্ৰৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰতিটো তথ্যকে গুৰুত্ব সহকাৰে লোৱা উচিত ৷ এয়া মিছা বুলি প্ৰমাণ নোহোৱালৈকে প্ৰতিটো আনুষংগিক বিভাগকে এনে ধৰণৰ তথ্য বিলাই দিয়াৰ লগতে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত ৷ পূৰ্বে তথ্য লাভ কৰাৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰা বাবে কান্ধাৰ বিমান অপহৰণেও জটিল পৰিস্থিতিত উপনীত হয় ৷ ৰ'ৰ নেপাল ইউনিটে পূৰ্বেই কাৰ্যপন্থা গ্ৰহণ কৰা হ'লে সমগ্ৰ ঘটনাৰ পটভূমি বেলেগ হ'লহেতেন ৷ বিমান অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে বৰ্তমানে সংঘটিত কাৰ্যকলাপ সমূহো বহু পৰিমাণ হ্ৰাস পালেহেতেন ৷ 28 ডিচেম্বৰ, 1999 চনৰ সংসদ আক্ৰমণ তথা বালাকোটত প্ৰত্যুত্তৰ আক্ৰমণ আৰু আজহাৰক গ্ল'বেল উগ্ৰপন্থী হিচাপে ঘোষণা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ কাষ চাপিব লগা নহ'লহেতেন ৷ সাধাৰণ অৱজ্ঞা তথা তাৎক্ষণিকভাৱে কাৰ্যপন্থা গ্ৰহণ নকৰাৰ বাবে আৰু আজহাৰ জন্ম নহ'বলৈ আমি প্ৰচেষ্টা অব্যাহত ৰখা উচিত ৷

-বিল্লাল ভাট্ট

আৰু পঢ়ক : ছুইছ বেংক একাউন্টৰ তথ্য প্ৰদান কৰিবলৈ অস্বীকাৰ বিত্ত মন্ত্ৰণালয়ৰ

Last Updated : Dec 24, 2019, 6:43 PM IST

ABOUT THE AUTHOR

...view details