অসম

assam

ETV Bharat / bharat

ক'ত হেৰালে ৫৪ গৰাকী ভাৰতীয় সৈনিক ? - india

সীমান্তত ঠিয় হৈ থকা এগৰাকী সৈনিকৰ সৈতে কেতিয়াবা কথা পাতি পাইছেনে ? যদিহে কেতিয়াবা এগৰাকী সৈনিকৰ সৈতে কিছু কথা আলোচনা কৰিবলৈ সুযোগ পায় তেতিয়াহ'লে সেই সুযোগৰ সদব্যৱহাৰ কৰক আপুনি ৷ এগৰাকী সৈনিকক সোধক সীমান্তৰ সুৰক্ষাত নিজৰ জীৱন-যৌৱন আহুতি দিয়াৰ সেই গধুৰ অথচ মধুৰ কাহিনী ৷ এয়া শুনিবলৈ আচহুৱা লাগিলেও আচলতে আমাৰ বাবে নিজ প্ৰাণ আহুতি দিয়া দেশৰ সুসন্তান এইসকল সৈনিকৰ বাবে কি কৰিছো আমি ?

হৰপাল ৰানা

By

Published : Mar 27, 2019, 5:44 PM IST

নিউজ ডেস্ক, ২৭ মাৰ্চঃ শেহতীয়াকৈ তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত ভাৰতীয় সৈন্যবাহিনীৰ 54 গৰাকী জোৱানৰ তথ্য বিছাৰি চৰকাৰৰ ওচৰত প্ৰশ্ন উত্থাপন কৰিছে এগৰাকী আৰ টি আই কৰ্মী হৰপাল ৰানাই ৷ এই 54 গৰাকী জোৱান ভাৰত পাকিস্তানৰ মাজত সংঘটিত ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধৰ সময়ৰ পৰাই নিখোজ হৈ আছে ।

হৰপাল ৰানা

এইসকল নিখোজ জোৱানক ওভোটাই আনিবলৈ বা এওঁলোকৰ সমন্ধে বিচাৰ খোচাৰ কৰিবলৈ এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে । ভাৰতীয় সেনাৰ এগৰাকী যুদ্ধবন্দী মেজৰ কম্বলজিৎ সিঙে আজিৰ পৰা ২০ বছৰ পূৰ্বে এখন চিঠিত লিখিছিল পাকিস্তান জেলৰ ভয়াৱহতা । তেঁও চিঠিৰ দ্বাৰাই তেতিয়াৰ চৰকাৰলৈ অনুৰোধ কৰিছিল যে তেঁওলোকক শীঘ্ৰেই জেলৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰক । কিন্তু উক্ত চিঠিৰ ২০ বছৰ পাচটো আজিলৈ তেঁওৰ পৰিয়ালে তেঁওৰ কোনো শুং-সূত্ৰ লাভ নকৰিলে।

শেহতীয়াকৈ আৰ টি আই কৰ্মী হৰপাল ৰানাই তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত দাখিল কৰা আবেদনত গম পোৱা গৈছে যে, পাকিস্তানৰ জেলত ভাৰতৰ ৫৪ গৰাকী সৈনিক যুদ্ধবন্দী হৈ আছে । ভাৰত চৰকাৰে এগৰাকী অভিনন্দনক ঘুৰাই আনিবলৈ সক্ষম হ'লেও তেঁওৰ দৰে আৰু ৫৪ গৰাকী অভিনন্দনক ঘুৰাই আনিবলৈ এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । ২০১৯ চনৰ জানুৱাৰী মাহত ৬৫ আৰু ৭১ চনৰ যুদ্ধত কিমান সৈনিক নিখোজ হৈ আছে সেই সম্পৰ্কে ৰানাই এই আবেদন দাখিল কৰিছিল । আবেদনৰ উত্তৰ আহিছিল ২৮ ফেব্ৰুৱাৰী তাৰিখে । ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্যৰ ভিত্তিত ৬৫ আৰু ৭১চনৰ যুদ্ধত ৫৪ গৰাকী ভাৰতীয় সৈনিক নিখোজ হৈ আছে । উক্ত আবেদনৰ উত্তৰত এইটোও কোৱা গৈছে যে, ২০০৭ চনত নিখোজ ভাৰতীয় সৈনিকসকলৰ পৰিয়ালৰ লোকক লৈ পাকিস্তানৰ বিভিন্ন যুদ্ধবন্দী জেললৈ ভাৰতীয় প্ৰতিনিধি মণ্ডল গৈছিল যদিও আজিলৈ তেঁওলোক ঘুৰাই অনাৰ কোনো ব্যৱস্থা কৰা হোৱা নাই আৰু এতিয়া তেঁওলোক জীয়াই আছে নে মৃত্যু হৈছে তাৰ তথ্যও চৰকাৰৰ হাতত নাই ।

ক'ত হেৰালে ৫৪ গৰাকী ভাৰতীয়

এইসকল যুদ্ধবন্দী সৈনিকৰ পৰিয়ালৰ জীৱনগাঁথা খুবেই কৰুণ। প্ৰকৃততে ভাৰত-পাক যুদ্ধৰ সময়ত নিখোজ হোৱা ভাৰতীয় সৈনিকসকলক আজিলৈকে চৰকাৰে অথবাসেনাই কোনো সুবিধা প্ৰদান নকৰাৰ লগতে তেঁওলোকক প্ৰদান নকৰিলেশ্বহীদৰ মৰ্যাদাও । কিন্তু একেসময়তে সেইসময়ৰ ইন্দিৰা গান্ধী চৰকাৰে ভাৰতীয় সেনাৰ হাতত বন্দী হোৱা ৯০ হাজাৰ পাকিস্তানী সৈনিকক বিনাচৰ্তে মুকলি কৰি দিছিল যদিও পাকিস্তানৰ হাতত বন্দী হৈ থকা ৫৪ গৰাকী সৈনিকক মুকলি কৰিবলৈ কোনো গুৰুত্বই প্ৰদান নকৰিলে ।

দেশৰ সুৰক্ষাত নিয়োজিত থাকি জীৱন যৌৱন পৰিত্যাগ কৰা এইসকল সৈনিক তথা তেঁওলোকৰ পৰিয়ালে এতিয়াও এইদৰেই ন্যায়ৰ আশাত বাট চাই আছে । ইতিমধ্যে এই সকলৰ বহুতেই হয়তো সংসাৰৰ পৰাবিদায় মাগিলে গতিকে আনহাতে যিকেইজন জীয়াই আছে তেঁওলোকক শীঘ্ৰেই চৰকাৰে ঘুৰাই অনাৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনাইছে হৰপাল ৰানাই ।

ABOUT THE AUTHOR

...view details