নিউজ ডেস্ক, 26 এপ্ৰিল : মাৰাত্মক কৰ'ণা ভাইৰাছে বিপাঙত পেলাইছে ভাৰতীয় কোম্পানী সমূহক ৷ লক ডাউনৰ ফলত ব্যাপক প্ৰভাৱ পৰিছে যোগান প্ৰক্ৰিয়াত,বজাৰত বহু পৰিচিত বস্তুৰ কোম্পানী সমূহে তেওঁলোকৰ মিলিয়ন সংখ্যক গ্ৰাহকৰ ওপৰত প্ৰত্যাশা জড়িত হৈ আছে ৷ তাৰে ভিতৰত 'আমুল' এটা অন্যতম কোম্পানী ৷
আমুল কোম্পানীৰ পৰিচালক ডঃ আৰ. এছ. সুধীয়ে ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাতকাৰত বৰ্তমানৰ সংকটপূৰ্ণ পৰিস্থিতিত কোম্পানীয়ে সন্মুখীন হোৱা সমস্যা আৰু এই পৰিস্থিতিৰ লগত যুঁজিবলৈ আমুল কোম্পানী কিদৰে সাজু হৈছে তাক লৈ বাৰ্তালাপ কৰে ৷
আৰ.এছ, সুধীয়ে জানিবলৈ দিয়া মতে, 'আমুল' ৰ ব্যৱসায় দেশৰ 36 লাখ পশুপালকে দৈনিক যোগান ধৰি অহা গাখীৰৰ ওপৰত নিৰ্ভৰশীল ৷ পূৰ্বৰ তুলনাত লক ডাউনৰ সময়ছোৱাত পশুপালকে 15 শতাংশ অধিক গাখীৰ আমুল কোম্পানীক যোগান ধৰি আহিছে ৷ গুজৰাট তথা গুজৰাটৰ বাহিৰৰ পশু পালকসকলে স্থানীয় মিঠাইৰ দোকান, গাখীৰ বিক্ৰী কৰা প্ৰতিষ্টান, সৰু-বৰ হোটেল-ৰেষ্টুৰেণ্ট আদিত চাহিদা সাপেক্ষে গাখীৰ যোগান ধৰি আহিছিল যদিও লক ডাউনৰ ফলত সকলো বন্ধ হৈ পৰাত তেওঁ লোকে সেই গাখীৰ 'আমুল' কোম্পানীক বিক্ৰী কৰিবলৈ লৈ আহে ৷
পৰিচালক গৰাকীয়ে গুজৰাট আৰু গুজৰাটৰ বাহিৰত থকা আমুলৰ 18,500 টা গাখীৰ সংগ্ৰহ কেন্দ্ৰত লক ডাউনৰ 8 দিন পূৰ্বেই অৰ্থাৎ 17 মাৰ্চতেই কৰ্মচাৰী সকলৰ স্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত নতুন নিৰ্দেশাৱলী সম্বলীত বৃহৎ বেনাৰ ওলমাই দি সেই সমূহৰ পালন কৰিবলৈ কোৱা হৈছিল বুলি এই সাক্ষাতকাৰত উল্লেখ কৰে ৷