নিউজ ডেস্ক, ১৯ জুনঃ ভাৰত-চীন সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে শুকুৰবাৰে বিয়লি ৫ বজাত নতুন দিল্লীত অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আয়োজন কৰা এই বৈঠকত উপস্থিত থাকিব প্ৰায় ২০ টা দলৰ সদস্য।
প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা সৰ্বদলীয় বৈঠকত উপস্থিত থাকিব প্ৰায় ২০ টা দল এই সৰ্বদলীয় বৈঠকত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,বিজেপিৰ কেন্দ্ৰীয় সভাপতি জগত প্ৰকাশ নড্ডাৰ লগতে বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু দলসমূহৰ কেন্দ্ৰীয় সভাপতি।
বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি,প্ৰধানমন্ত্ৰীৰ হৈ মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সকলো দলকে এই আলোচনাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে। আম আদমি পাৰ্টী,আৰ জে ডি আদিকে ধৰি কেইবাটাও দলে এই আলোচনাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ নজনোৱাক লৈ সমালোচনা অব্যাহত থকাৰ মাজতেই এক বিশেষ সূত্ৰই সকলো দলকে আমন্ত্ৰণ জনোৱা সন্দৰ্ভত স্পষ্ট কৰি দিয়ে।
১৫ জুনৰ নিশা লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ আক্ৰমনত ভাৰতীয় সেনাৰ কৰ্ণেল বিষয়াসহ মুঠ ২০ জন জোৱান শ্বহীদ হোৱাৰ ঘটনাৰ পাচতেই এই জৰুৰী আলোচনাৰ আয়োজন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।