নিউজ ডেস্ক,30জানুৱাৰী:পুলৱামাৰ লেলহাৰ অঞ্চলত পুনৰ নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হৈছে সংঘাত ৷ এই সংঘৰ্ষত এজন সন্ত্ৰাসবাদী গুৰুতৰ ভাৱে আহত হয় ৷ আহত সন্ত্ৰাসবাদী জনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ কাশ্মীৰ আৰক্ষীয়ে টুইটাৰ যোগে প্ৰকাশ কৰিছে এই তথ্য ৷
পুলৱামাত দুজন সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণ
পুলৱামাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ পাচতেই দুজন সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰে । সংঘৰ্ষত আহত হোৱা এজন সন্ত্ৰাসবাদীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ।
পুলৱামাত দুজন সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণ
ইফালে,এই সংঘৰ্ষৰ পাচতে দুজন সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীৰ হাতত আত্মসমৰ্পণ কৰে ৷ দুয়োজন সন্ত্ৰাসবাদীয়ে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ আগত দুটা একে ৪৭ ৰাইফলৰ সৈতে আত্মসমৰ্পণ কৰে ৷ বৰ্তমানলৈকে সন্ত্ৰাসবাদকেইজন সন্দৰ্ভত কাশ্মীৰ আৰক্ষীয়ে কোনো তথ্য ফাদিল কৰা নাই যদিও অতি শীঘ্ৰে এই সন্দৰ্ভত জনোৱা হ'ব বুলি উল্লেখ কৰে ৷
অন্য এক খবৰৰ বাবে: মৰিগাঁৱত কংগ্ৰেছৰ বিশাল সমাৱেশ