নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ দেশত কৰ'ণা ভাইৰাছৰ বিভীষিকা চলি থকাৰ মাজতেই ওড়িশাত ক্ৰমাৎ সুস্থিৰ হৈছে পৰিস্থিতি । শুকুৰবাৰে ওড়িশাৰ ভূৱনেশ্বৰত দুজন COVID-১৯ আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈ সক্ষম হয়। এই দুজন ব্যক্তিৰ আৰোগ্যৰ পাচতেই ৰাজ্যখনত মুঠ ২১ গৰাকী লোক আৰোগ্য হ'বলৈ সক্ষম হৈছে। আৰোগ্য লাভ কৰা দুয়োগৰাকী লোক ভূৱনেশ্বৰৰ নিৱাসী ।
স্বাস্থ্য পৰিয়াল কল্য়াণ বিভাগৰ এজন কৰ্মকৰ্তাই জানিবলৈ দিয়ে যে,বৰ্তমান ৰাজ্যখনত COVID-১৯ ৰ সক্ৰিয় ৰোগীৰ সংখ্য়া হ্ৰাস পাই হৈছে ৩৮ জন ।