অসম

assam

ETV Bharat / bharat

কলকাতত দুগৰাকী ভিক্ষাৰীৰ দেহত ধৰা পৰিল কৰ'ণা ভাইৰাছ - ভিক্ষাৰীৰ দেহত ধৰা পৰিল কৰ'ণা ভাইৰাচ

কলকাতাত পোহৰলৈ আহিছে কৰ'ণা ভাইৰাচৰ দুটা নতুন কেচ । দুগৰাকী ভিক্ষাৰীৰ দেহত ধৰা পৰিল এই ভাইৰাচ । কেনেদৰে ভিক্ষৰী দুগৰাকীৰ গালৈ এই ৰোগ সংক্ৰমিত হ'ল এই বিষয়ে অনুসন্ধান চলাই আছে স্বাস্থ্য বিভাগে ।

কলকাতত দুগৰাকী ভিক্ষাৰীৰ দেহত ধৰা পৰিল কৰ'ণা ভাইৰাচ
কলকাতত দুগৰাকী ভিক্ষাৰীৰ দেহত ধৰা পৰিল কৰ'ণা ভাইৰাচ

By

Published : Apr 8, 2020, 2:11 PM IST

নিউজ ডেস্ক, 8 এপ্ৰিলঃ ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰা দুগৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাচ । কলকাতাত সংঘটিত হৈছে এই ঘটনা । তাৰে এগৰাকীক আই ডি হাস্পতালত, আৰু আন এগৰাকীক এম আৰ বাংগাৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

তেওঁলোকৰ এগৰাকীৰ বয়স 40 বছৰ, যিয়ে কলকাতাৰ বউবজাৰ এলেকাত ভিক্ষামাগে । প্ৰথমে তেওঁক 3 এপ্ৰিলত এন আৰ এচ হাস্পতাললৈ নিয়া হৈছিল । তাৰ পাচত দেহত কৰ'ণা ভাইৰাছ ধৰা পৰে আৰু আই ডি হস্পাতালত ভৰ্তি কৰোৱা হয় ।

আন এগৰাকীৰ বয়স 60 বছৰ । 1 এপ্ৰিলৰ দিনা তেওঁক ভৰ্তি কৰা হৈছিল মেটিয়াব্ৰুজ অঞ্চলৰ এখন স্থানীয় হাস্পতালত । তাৰ পাচত তেওঁৰ দেহত কৰ'ণা পজিটিভ পোৱাত এম আৰ বাংগাৰ হাস্পতাললৈ স্থানন্তৰিত কৰা হয় ।

ভিক্ষাৰী দুগৰাকীৰ শৰীৰত কেনেদৰে COVID-19 সংক্ৰমণ হ'ল তাক লৈ অনুসন্ধান কৰি আছে স্বাস্থ্য বিভাগে । লগতে তেওঁলোকৰ সংস্পৰ্শলৈ আৰু কোন কোন লোক আহিছিল এইটোও তদন্ত কৰি আছে । কিন্তু এনেদৰে সংক্ৰমিত হোৱাটো ভাৰতত "কমিউনিটি স্প্ৰেড"ৰ ভয়াবহ আগজাননী নেকি তাকে লৈ শংকিত হৈ পৰিছে দেশবাসী ।

ABOUT THE AUTHOR

...view details