অসম

assam

ETV Bharat / bharat

নিৰ্মীয়মান অট্টালিকাৰ দেৱাল খহি গুৰুগ্ৰামত দুজনৰ মৃত্যু - 2 killed as wall of under-construction building collapses in Gurugram

গুৰুগ্ৰামৰ চেক্টৰ ৬৫ত নিৰ্মাণৰত এটা অট্টালিকাৰ দেৱাল বাগৰি পৰাৰ ফলত এজন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে দুজন লোকৰ মৃত্যু ঘটিছে । আহত ব্যক্তিজনক নিকতৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 304A ধাৰাৰে এটা গোচৰ ৰুজু কৰা হৈছে ।

2 killed as wall of under-construction building collapses in Gurugram
নিৰ্মিয়মান অট্টালিকাৰ দেৱাল খহি গুৰুগ্ৰামত দুজনৰ মৃত্যু

By

Published : Aug 15, 2020, 12:52 PM IST

নিউজ ডেস্ক,১৫ আগষ্ট:শুকুৰবাৰে গুৰুগ্ৰামৰ চেক্টৰ ৬৫ত নিৰ্মাণৰত এটা অট্টালিকাৰ দেৱাল খহি পৰাৰ ফলত এজন লোক আহত হোৱাৰ লগতে দুজনৰ মৃত্যু ঘটিছে ।

দূৰ্ঘটনাটোত নিহত হোৱা ব্যক্তি দুজন ক্ৰমে কৰ্ণ চাহু আৰু চদ্দাম খান নামৰ শ্ৰমিক বুলি চিনাক্ত কৰা হৈছে । তাৰোপৰি চিকিৎসাধীন হৈ থকা আনজন শ্ৰমিক বিনোদ কুমাৰ বুলি জানিব পৰা গৈছে ।

আহত বিনোদ কুমাৰে আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে, নিৰ্মীয়মান অট্টালিকাটোৰ কাষতে থকা এটা জুপুৰিত তিনিও শুই থকাৰ অৱস্থাতে ঘৰটোৰ ওপৰত এখন দেৱাল খহি পৰে । ফলত তেওঁৰ লগৰ দুয়োজন শ্ৰমিক ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ পৰে । সৌভাগ্যবশত মোৰ হাতত দেৱালৰ ভঙা অংশৰ কিছু পৰিছিল যদিও মই ওলাই বাছিব পাৰিলো ।

কুমাৰে জানিব দিয়া মতে, দেৱালৰ ধ্বংসস্তুপৰ মাজৰ পৰা দুয়োকে উদ্ধাৰ কৰি কাষৰে চেফ হেণ্ড হস্পিতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে ।

আহত শ্ৰমিক জনৰ মতে, প্ৰায় এবছৰ পূৰ্বেই বাৰিষাৰ সময়ত দেৱালখন হালি পৰাৰ কথা কোম্পানীৰ মূখ্য বিষয়াক অৱগত কৰা হৈছিল যদিও ইয়াৰ মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল । সেয়েহে আমি সেই বিষয়া গৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক এটা গোচৰ ৰুজু কৰিছো ।

গুৰুগ্ৰাম আৰক্ষীৰ জন সম্পৰ্কৰক্ষী গৰাকীয়ে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 304A ধাৰাৰে এটা গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক :জজ খেলপথাৰত মুখ্যমন্ত্ৰী সোণোৱালৰ পতাকা উত্তোলন

ABOUT THE AUTHOR

...view details