অসম

assam

ETV Bharat / bharat

বিহাৰৰ নিৰ্বাচনৰ দিনাই ঔৰংগাবাদত IED উদ্ধাৰ - বিধানসভা

বিহাৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বেই ঔৰংগাবাদৰ ধিবৰাত দুটা IED উদ্ধাৰ । ভোটগ্ৰহণৰ পূৰ্বেই সুৰক্ষিত স্থানত IED দুটা নিষ্ক্ৰীয় কৰে চি আৰ পি এফে ।

বিহাৰৰ নিৰ্বাচনৰ দিনাই ঔৰংগাবাদত IED উদ্ধাৰ
বিহাৰৰ নিৰ্বাচনৰ দিনাই ঔৰংগাবাদত IED উদ্ধাৰ

By

Published : Oct 28, 2020, 10:46 AM IST

নেশ্যনেল ডেস্ক, ২৮ অক্টোবৰ: বিধানসভা নিৰ্বাচনক লৈ বিহাৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ পিছতো বুধবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে দুটা IED উদ্ধাৰ। বুধবাৰে পুৱা ৭ বজাত ঔৰংগাবাদৰ ধিবৰা অঞ্চলত IED দুটা উদ্ধাৰ হয়। ইয়াৰ পিছতে চি আৰ পি এফে ততাতৈয়াকৈ সুৰক্ষিত স্থানলৈ নি IED দুটা নিষ্ক্ৰীয় কৰে। আৰক্ষী-প্ৰশাসন সষ্টম হৈ থকাৰ পিছতো বিস্ফোৰক উদ্ধাৰ হোৱা বিষয়টো চিন্তাজনক হৈ পৰিছে । উল্লেখ্য যে, বিহাৰৰ ১৬খন জিলাৰ ৭১টা বিধানসভা সমষ্টিত বুধবাৰে পুৱাৰে পৰা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে । ৰাষ্ট্ৰীয় জনতা দলৰ ৪২, জনতা দলৰ ৩৫, বি জে পিৰ ২৯, কংগ্ৰেছৰ ২১ আৰু বাওঁপন্থী দলৰ ৮ গৰাকী প্ৰাৰ্থীসহ মুঠ ১,০৬৬ জন প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত নামিছে । যোৱা ২৬ অক্টোবৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযানৰ অন্ত পৰিছিল ।

ABOUT THE AUTHOR

...view details