নিউজ ডেস্ক, ১২ মে' : চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি সংস্থাৰ দ্বাৰা প্ৰস্তুত কৰা এক সমীক্ষাত দেশৰ আত্মসংস্থাপনহীনতাৰ হাৰ ২৩.৯৭ শতাংশলৈ হ্ৰাস পাইছে বুলি কোৱা হৈছে । এই সমীক্ষা ১০ মে'ৰ ভিতৰত লাভ কৰা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছিল । ইয়াৰ পূৰ্বে সংস্থাটোৱে ৩ মে'লৈকে প্ৰস্তুত কৰা সমীক্ষাত নিয়োগ বিহীনতাৰ হাৰ আছিল ২৭.১ শতাংশ । কৃষিগত কাৰ্যকলাপ আৰু ব্যৱসায়ত প্ৰদান কৰা শিথিলতাৰ ফলত এই ফলাফল পোৱা গৈছে বুলি সংস্থাটোৱে উল্লেখ কৰিছে ।
চৰকাৰে উদ্যোগসমূহ খুলিবলৈ অনুমতি প্ৰদান কৰাৰ পিচতে শ্ৰমৰ হাৰ ৩৬.২ শতাংশৰ পৰা ৩৭.৬ শতাংশলৈ বৃদ্ধি পোৱাৰ লগতে আত্মসংস্থাপনৰ হাৰ ২৬.৪ শতাংশৰ পৰা ২৮.৬ শতাংশলৈ বৃদ্ধি পাইছে ।
সমীক্ষাত প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত এপ্ৰিল মাহত ২.৭ কোটি যুৱপ্ৰজন্মই তেওঁলোকৰ চাকৰি হেৰুৱাইছে । ২০১৯-২০ চনত ২০-২৪ বছৰ বয়সৰ ৩.৪২ কোটি যুৱ-প্ৰজন্মই চাকৰিত আছিল কিন্তু ২০২০ৰ এপ্ৰিল মাহত এই সংখ্যা ২.০৯ কোটিলৈ হ্ৰাস পায় । একসময়তে ২৫-২৯ বছৰ বয়সৰ ভিতৰৰ ১.৪ কোটি যুৱ-প্ৰজন্মই নিজৰ চাকৰি হেৰুৱাইছে ।
সকলো বয়সৰ লোকেই চাকৰি হেৰুৱাইছে যদিও এই সংখ্যা যুৱ-প্ৰজন্মৰ মাজত সৰ্বাধিক । সংস্থা্টোৰ প্ৰতিবেদন অনুসৰি, নগৰীয়া আত্মসংস্থাপনহীনতা ২৭.৮৩ শতাংশলৈ আহিছে যিটো দেশৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা (২৩.৯১)তকৈ অধিক । অৱশ্যে গ্ৰাম্য আত্মসংস্থাপনহীনতাৰ হাৰ ২২.৩৫ শতাংশতে সীমিত হৈ আছে ।
লগতে পঢ়কঃভাৰত-নেপালৰ কূটনৈতিক বিতৰ্ক আৰু চীনৰ প্ৰভাৱ