নিউজ ডেস্ক, ৫ জুলাই : দক্ষিণ কেৰ'লিনাৰ এটা নাইট ক্লাবত সংঘটিত হোৱা এক গুলিয়াগুলীৰ ফলত দুগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৮ গৰাকী লোক গুৰুতৰভাবে আহত হয় । এগৰাকী বিষয়াই প্ৰকাশ কৰিছে এই তথ্য ।
তথ্য অনুসৰি, গ্ৰীণবিলৰ দুজন শ্বৰিফ সদস্যই পুৱা ২ বজাৰ আগতে লবিছ লাউঞ্জত এক কোলাহল শুনিছিল আৰু বহুতো মানুহ জুম বান্ধি থকা দেখিছিল আৰু কিছু সময় পিচত সকলোৱে তাৰ পৰা পলাই যোৱা দেখিছিল । এক সংবাদমেল যোগে তেওঁলোকে প্ৰকাশ কৰিছে এই তথ্য ।
প্ৰথম অৱস্থাত লুইচ আৰু বোল্ট নামৰ সদস্য দুগৰাকীয়ে জনোৱা অনুসৰি, ১২ জন লোক আহত হৈছিল । তাৰ ভিতৰত ৪ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । কিন্তু পৰৱৰ্তী সময়ত WYFF-TV নামৰ প্ৰতিষ্ঠানটোৰ বাতৰিত আহতৰ সংখ্যা কম বুলি প্ৰকাশ পাইছিল ।