নিউজ ডেস্ক, 4 নৱেম্বৰ: উচ্চতম ন্যায়লয়ে সোমবাৰে 1984 চনৰ শিখবিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত প্ৰাক্তন কংগ্ৰছ নেতা সজ্জন কুমাৰৰ জামিন আবেদনৰ বিবেচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে, কুমাৰক দিল্লীৰ উচ্চ ন্যায়লয়ে যাৱজ্জীৱন কাৰাবাসেৰে দণ্ডিত কৰিছিল ৷
সজ্জন কুমাৰৰ জামিন আবেদন সন্দৰ্ভত উচ্চতম ন্যায়লয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
1984 চনৰ শিখবিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত প্ৰাক্তন কংগ্ৰছ নেতাৰ জামিন ৷ উচ্চতম ন্যায়লয়ৰ গুৰুত্বপূৰ্ণ স্থিতি ৷
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে নেতৃত্ব দিয়া বিচাৰপীঠে জ্যোষ্ঠ অধিবক্তা শেখৰ নাফাদেই দাখিল কৰা আবেদনৰ ভিত্তিত কুমাৰৰ জামিন আবেদনৰ জৰুৰী শুনানি গ্ৰহণ কৰে ৷
সজ্জন কুমাৰৰ অধিবক্তাসকলে জামিন আবেদনৰ জৰুৰী তালিকাকৰণৰ বাবে অনুৰোধ কৰাত বিচাৰপীঠে এই সন্দৰ্ভত বিবেচনা কৰিম বুলি জনায় ৷ ইয়াৰ পূৰ্বে, প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকীয়ে উচ্চ ন্যায়লয়ে দিয়া যাৱজ্জীৱন কাৰাবাসৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়লয়ৰ দ্বাৰস্থ হৈছিল ৷ 73 বছৰীয়া সৃজন কুমাৰে সম্প্ৰতি কাৰাবাস খাটি আছে ৷ দোষী সাব্যস্ত হোৱাৰ পাচতেই তেওঁ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিল ৷ 1984 চনৰ 1 আৰু 2 নৱেম্বৰত দিল্লীত পাঁচজন শিখ সম্প্ৰদায়ৰ লোকক হত্যা আৰু গুৰুদ্বাৰ এখন জ্বলাই দিয়াৰ অপৰাধত তেওঁ দোষী সাব্যস্ত হৈছিল ৷