অসম

assam

ETV Bharat / bharat

1984 চনৰ শিখ বিৰোধী গোষ্ঠীসংঘৰ্ষঃ মূল অভিযুক্তৰ জামিন বাতিল

1984 চনত নতুন দিল্লীত সংঘটিত হোৱা শিখ-বিৰোধী গোষ্ঠীসংঘৰ্ষৰ মূল অভিযুক্ত সজ্জন কুমাৰৰ জামিন আবেদন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ প্ৰাক্তন কংগ্ৰেছী নেতাগৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছিল ন্যায়ালয়ে ৷

1984 চনৰ শিখ বিৰোধী গোষ্ঠীসংঘৰ্ষঃ মূল অভিযুক্তৰ জামিন বাতিল

By

Published : Aug 5, 2019, 8:53 PM IST

নিউজ ডেস্ক, 5 আগষ্টঃ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ পিচতে সংঘটিত শিখ বিৰোধী গোষ্ঠীসংঘৰ্ষৰ মুখ্য অভিযুক্ত সজ্জন কুমাৰৰ জামিন আবেদন নাকচ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে ৷ 1984 চনৰ 1 নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ ৰাজ নগৰ অঞ্চলত সংঘটিত হোৱা ঘটনাত ইতিমধ্যেই যাৱজ্জীৱন কাৰাবাস খাটি আছে কংগ্ৰেছী নেতাগৰাকীয়ে ৷ ন্যায়াধীশ শাৰদ অৰবিন্দ বব্দে আৰু ন্যায়াধীশ বি আৰ গাভাইৰ খণ্ড বিচাৰপীঠে কুমাৰৰ জামিন আবেদন নাকচ কৰে ৷

1984 চনৰ 1 নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ ৰাজ নগৰত একেটা পৰিয়ালৰ পাঁচগৰাকী লোকক হত্যা আৰু এটা গুৰুদ্বাৰা জ্বলাই দিয়াৰ অভিযোগত দোষী সাব্যস্ত হৈছিল সজ্জন কুমাৰ ৷ 2017 চনৰ ডিচেম্বৰ মাহত দিল্লী উচ্চ ন্যায়ালয়ে কুমাৰক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল ৷

ABOUT THE AUTHOR

...view details