অসম

assam

ETV Bharat / bharat

কানাডা নিৰ্বাচনত নিৰ্বাচিত হোৱা 19 গৰাকী সাংসদ ভাৰতীয় মূলৰ

কানাডা নিৰ্বাচনত ভাৰতীয় মূলৰ নাগৰিকৰ অভিলেখ ৷ মুঠ 19টা ছিট দখলেৰে অভিলেখ ৰচিলে এই ইণ্ডো-কাডিয়ান নাগৰিকে ৷ ইয়াৰ অধিসংখ্যক লোকেই হৈছে পাঞ্জাৱ বংশৰ ৷

By

Published : Oct 22, 2019, 11:06 PM IST

কানাডা নিৰ্বাচনত নিৰ্বাচিত হোৱা 19 গৰাকী সাংসদ ভাৰতীয় মূলৰ

নিউজ ডেস্ক, 22 অক্টোবৰ: কানাডা নিৰ্বাচনত অভিলেখ সংখ্যক আসন দখল কৰিলে ভাৰতীয় মূলৰ নাগৰিকে ৷ নৱ নিৰ্বাচিত মুঠ 19 টাকৈ সাংসদ হৈছে ভাৰতীয় মূলৰ ৷ য’ত 13 জন ট্ৰুডেওছ দলৰ (Trudeau's Government) সদস্য থকাৰ বিপৰীতে জাগমিত সিং হৈছে একমাত্ৰ এনডিপি আৰু চাৰিগৰাকী কঞ্জাৰভেটিভ দলৰ (Conservative Party) পাঞ্জাৱী সাংসদ ৷

জয় লাভ কৰা ভাৰতীয় মূলৰ সাংসদ সমূহ হৈছে-

লিবাৰেল পাৰ্টী:

  1. হৰজিৎ সিং ছাজ্জন
  2. ৰানদ্বীপ সিং ছাৰাই
  3. সুখ ডালিৱাল
  4. নভদ্বীপ সিং বাইনছ
  5. গগণ শিকাণ্ড
  6. ৰামেশ্বৰ সিং শংঘা
  7. মানিণ্ডে সিং সিদ্ধু
  8. কামাল খেৰা
  9. ৰুবি চাহতা
  10. ছনিয়া সিদ্ধু
  11. বাৰদিছ চাগৰ
  12. ৰাজ চাইনি
  13. অঞ্জু ধিলন

এনডিপি:

  1. জাগমিত সিং

কঞ্জাৰভেটিভ পাৰ্টী:

  1. টিম সিং উপাল
  2. জাছৰাজ সিং হালান
  3. জগ শ্বাহ’টা
  4. বব ছাৰয়া

এই নিৰ্বাচনত জাষ্টিন ট্ৰুডেও’ছৰ লিবাৰেল পাৰ্টীয়ে 157 টা দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে 122 টা আসন লাভ কৰিবলৈ সক্ষম হয় কঞ্জাৰভেটিভ পাৰ্টীয়ে ৷ আনহাতে জগমিত সিঙৰ দল এডিপিয়ে মুঠ 24 টা আসন লাভ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান লিৱাৰেল পাৰ্টীৰ জাষ্টিন ট্ৰুডেও কানাডাৰ পৰ্ৰৱতী প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব ৷ উল্লেখ্য যে,কানাডা নিৰ্বাচনত মুঠ 338 টা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল ৷ যাৰ বাবে চৰকাৰ গঠন কৰিবলৈ সংখ্যা গৰিষ্ঠ 170 টা আসন লাভ কৰাৰ প্ৰয়োজন ৷ বৰ্তমানো কোনো এটা দলে সংখ্যা গৰিষ্ঠ আসন লাভ কৰা নাই যদিও জাষ্টিন ট্ৰুডেওৱেই পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰিব সেয়া নিশ্চিত ৷

ABOUT THE AUTHOR

...view details