অসম

assam

''বন্দে ভাৰত মিছন''ৰ জৰিয়তে দেশলৈ 19.40 লাখ লোকৰ প্ৰত্যাগমন

By

Published : Oct 22, 2020, 10:25 PM IST

সাপ্তাহিক মিডিয়া ব্ৰীফিঙত MEA ৰ প্ৰবক্তা ,অনুৰাগ শ্ৰীবাস্তবে উল্লেখ কৰে যে, সংখ্যাৰ হিচাপত বৰ্তমান পৰ্যন্ত 1,050 খন আন্তঃৰাষ্টীয় বিমান সাজু কৰি ৰখা হৈছে ৷ তাৰে 690 খন বিমানে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই 20 খন দেশৰ পৰা ভাৰতলৈ প্ৰত্যাবৰ্তন কৰি আছে, যি দেশ খনৰ 22 টা বিমান বন্দৰলৈ ভাৰতীয় নাগৰিকক প্ৰত্যাবৰ্তন কৰাত সহায় কৰিছে ৷

19.40 lakh Indians repatriated through 'Vande Bharat' mission
''বন্দে ভাৰত মিছন''ৰ জৰিয়তে দেশলৈ 19.40 লাখ লোকৰ প্ৰত্যাগমন

নিউজ ডেস্ক,22অক্টোবৰঃ ভাৰত চৰকাৰৰ'' বন্দে ভাৰত মিছন ''ৰ জৰিয়তে ভাৰতবৰ্ষলৈ শুকুৰবাৰ লৈকে মুঠ 19.40 লাখ লোকক ভাৰতলৈ প্ৰত্যাবৰ্তন কৰাৰ কথা সদৰি কৰিছে ভাৰতৰ বৈদেশিক মন্ত্ৰানালয়ে ৷

সাপ্তাহিক মিডিয়া ব্ৰীফিঙত MEAৰ প্ৰবক্তা অনুৰাগ শ্ৰীবাস্তবে উল্লেখ কৰে যে, সংখ্যাৰ হিচাপত বৰ্তমান পৰ্যন্ত 1,050 খন আন্তঃৰাষ্টীয় বিমান সাজু কৰি ৰখা হৈছে ৷ তাৰে 690 খন বিমানে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই 20 খন দেশৰ পৰা ভাৰতলৈ প্ৰত্যাগমন কৰি আছে; যি দেশ খনৰ 22 টা বিমান বন্দৰলৈ ভাৰতীয় নাগৰিকক প্ৰত্যাগমন কৰাত সহায় কৰিছে ৷ বিষয়া গৰাকীয়ে লগতে উল্লেখ কৰে যে, আনুমানিক সম্প্ৰতি 1 লাখ 20 হাজাৰ লোক দেশলৈ আহিছে ৷

তেওঁ লগতে কয় যে, আমাৰ মিছন সেইকেইখন দেশত আৰম্ভ কৰা হৈছে য’ত ভাৰতীয় নাগৰিক ক’ৰণাৰ বাবে আবদ্ধ হৈ থাকিব লগীয়া হৈছে ৷ লগতে সম্প্ৰতি আমি তেঁওলোকক দেশলৈ প্ৰত্যাগমন কৰাবৰ বাবে স্থানীয় চৰকাৰৰ লগত যোগাযোগ কৰি থকা হৈছে বুলি সদৰি কৰে ৷ এই প্ৰক্ৰিয়া 1 অক্টোবৰ 2020 পৰা আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে ৷

উল্লেখযোগ্য যে, ক’ৰণা ভাইৰাছৰ বাবে যি সকল ভাৰতীয় নাগৰিক বিদেশত আবদ্ধ হৈ আছিল তেঁওলোকক দেশলৈ আনিবৰ বাবেই চলিত বৰ্ষৰ মে মাহত ''বন্দে ভাৰত মিছন''ৰ আৰম্ভ কৰা হৈছিল ৷

লগতে পঢ়কঃস্বাস্থ্যবিধি মানি গোলাঘাটত অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন

ABOUT THE AUTHOR

...view details