নিউজ ডেস্ক, ১১ জুনঃ তামিলনাডুত বৃহস্পতিবাৰৰ দিনটোত নতুনকৈ কোভিড-১৯ ত আক্ৰান্ত হৈছে ১,৮৭৫ গৰাকী লোক। আনহাতে, বিগত ২৪ ঘণ্টাত মৃত্যুমুখত পৰিছে ২৩ গৰাকীকৈ ব্যক্তি। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এই তথ্য।
তামিলনাডুত বিগত এদিনত প্ৰায় প্ৰতি ঘণ্টাত এজনকৈ কোভিড ৰোগীৰ মৃত্যু! - novel corona virus
তামিলনাডুত ৩৮,৭১৬ জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা। ইয়াৰ ভিতৰত ১৭,৬৫৯ গৰাকী লোক চিকিত্সাধীন অৱস্থাত থকাৰ বিপৰীতে ২০,৭০৫ গৰাকী ৰোগীয়ে এই মহামাৰীৰ কৱলৰ পৰা উপসম লাভ কৰিছে।
![তামিলনাডুত বিগত এদিনত প্ৰায় প্ৰতি ঘণ্টাত এজনকৈ কোভিড ৰোগীৰ মৃত্যু! Tamil Nadu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-06:42-coronavirus-june-11-zf4j7uk1591880706253-65-1106email-1591880718-974.jpg)
স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত ৩৮,৭১৬ জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা। ইয়াৰ ভিতৰত ১৭,৬৫৯ গৰাকী লোক চিকিত্সাধীন অৱস্থাত থকাৰ বিপৰীতে ২০,৭০৫ গৰাকী ৰোগীয়ে এই মহামাৰীৰ কৱলৰ পৰা উপসম লাভ কৰিছে। আনহাতে, ৰাজ্যখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৩৪৯ গৰাকী লোক।
দেশৰ কোভিড-১৯ আক্ৰান্ত আন আন ৰাজ্যসমূহৰ ভিতৰত তামিলনাডু দ্বিতীয় স্থানত আছে। আনহাতে, এই তালিকাৰ শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ। এইপৰ্যন্ত মহাৰাষ্ট্ৰত ৯৪ হাজাৰৰো অধিক লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে এই মহামাৰীত মৃত্যু হৈছে ৩,৪৩৮ গৰাকী ব্যক্তিৰ।