অসম

assam

ETV Bharat / bharat

কৰ'ণাত আক্ৰান্ত হৈ জুন মাহত ১৮ গৰাকী 'CAPF' জোৱানৰ মৃ্ত্যু - covid 19 pandemic

কোভিড-১৯ৰ কৱলত পৰিছে অৰ্ধসামৰিক বাহিনীৰ বহুসংখ্যক জোৱান। ইয়াৰ ভিতৰত 'CAPF'বাহিনীৰ অধিক সংখ্যক জোৱান কোভিড-১৯ আক্ৰান্ত হৈছে। এই মহামাৰীৰ ফলত বৰ্তমানলৈকে মুঠ ২৭ গৰাকী 'CAPF' জোৱানৰ মৃত্যু হৈছে।

COVID-19
18 CAPF personnel died due to COVID-19 in June, total infected jawans now close to 5,000

By

Published : Jul 7, 2020, 9:07 PM IST

নিউজ ডেস্ক, ৭ জুলাইঃ কোভিড-১৯ত আক্ৰান্ত হৈছে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (Central Armed Police Force)ৰ বহুসংখ্য়ক জোৱান। বিভাগীয় সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এইপৰ্যন্ত কোভিড-১৯ পজিটিভ 'CAPF' জোৱানৰ সংখ্যা মুঠ ৪,৮০০ গৰাকীলৈ বৃদ্ধি পাইছে । ইয়াৰে ১,৯০৫ গৰাকী জোৱান চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে মুঠ ২৭ গৰাকী জোৱান। উল্লেখ্য যে, কেৱল জুন মাহতেই মুঠ ১৮ গৰাকী 'CAPF' জোৱানৰ মৃ্ত্যু হোৱা বুলি জানিব পৰা গৈছে।

এটা নিউজ এজেঞ্চিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত মাহত এই মহামাৰীৰ ফলত 'CRPF' (Central Reserve Police Force) বাহিনীৰ অধিক সংখ্যক জোৱানৰ মৃত্যু হৈছে। 'CRPF' বাহিনীৰ বৰ্তমানলৈকে কেভিড-১৯ মহামাৰীৰ ফলত মৃত্যু হোৱা ৯ গৰাকী জোৱানৰ ভিতৰত জুন মাহত ৭ গৰাকী জোৱান মৃত্যুমুখত পৰিছে । বৰ্তমানলৈকে 'CRPF' বাহিনীৰ মুঠ ১,৫১০ গৰাকী জোৱানৰ দেহত লাভ কৰা গৈছে কোভিড-১৯ৰ অৱস্থিতি। সম্প্ৰতি ইয়াৰে ৭৫৫ গৰাকী জোৱান চিকিত্সাধীন অৱস্থাত আছে।

সমান্তৰালকৈ, সীমা সুৰক্ষা বাহিনী (Border Security Force)ৰ কোভিড-১৯ত আক্ৰান্ত জোৱানৰ সংখ্যই ১৩০০ গৰাকী অতিক্ৰম কৰিছে । ইয়াৰে বিগত মাহত তিনিগৰাকী জোৱানৰ মৃত্যু হোৱাৰ লগতে কোভিড-১৯ মহামাৰীৰ ফলত মুঠ ৫ গৰাকী সীমা সুৰক্ষা বাহিনীৰ জোৱানৰ মৃত্যু হৈছে ।

'ITBP' (Indo-Tibetan Border Police) জোৱানৰ দেহতো সংক্ৰমিত হৈছে কৰ'ণা ভাইৰাছৰ বিজাণু । এতিয়ালৈকে মুঠ ৪২৫ গৰাকী জোৱানৰ কোভিড-১৯ পজিটিত পোৱাৰ বিপৰীতে মুঠ ৩ গৰাকী জোৱানৰ মৃত্যু হৈছে । আনহাতে, বৰ্তমানে চিকিৎসাধীন অৱস্থাত আছে ১৫১ গৰাকী 'ITBP' জোৱান।

একেদৰে, সহস্ত্ৰ সীমা বলৰ (Sashastra Seema Bal)ৰ মুঠ ১৫৩ গৰাকী জোৱান কোভিড-১৯ আক্ৰান্ত হৈছে । ইয়াৰে ২৬ গৰাকী জোৱান চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে জুন মাহত দুগৰাকী 'SSB' জোৱানৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

ABOUT THE AUTHOR

...view details